40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে বুজাইছে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব: দিলীপ শইকীয়া, শিলচৰত মনোনয়ন...

ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে বুজাইছে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব: দিলীপ শইকীয়া, শিলচৰত মনোনয়ন জমা কৰিলে বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলৰ বহু প্ৰাৰ্থীয়ে

ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে বুজাইছে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব: দিলীপ শইকীয়া, শিলচৰত মনোনয়ন জমা কৰিলে বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলৰ বহু প্ৰাৰ্থীয়ে

গুলশন আহমেদ খান শিলচৰ, ২৩ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দলীয় নেতা-কৰ্মীসকলৰ উপস্থিতিত কাছাৰ জিলাৰ ৰাইজৰ আশীৰ্বাদ লৈ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত ৬ গৰাকী প্ৰাৰ্থীয়ে সোমবাৰ দিনা মনোনয়ন পত্ৰ দাখিল কৰে৷ এইদিনা সাংবাদিকৰ আগত মুখামুখি হৈ সভাপতি দিলীপ শইকীয়াই কয়, শিলচৰত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি তথা এনডিএ মনোনীত প্ৰাৰ্থীসকলৰ হৈ এক ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত ৬ গৰাকী প্ৰাৰ্থী আৰু অগপ দলৰ মনোনীত এগৰাকী প্ৰাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ৷ লগতে কাছাৰবাসী ৰাইজক বৰাকৰ উন্নয়ন আৰু অসমৰ উন্নয়নৰ স্বাৰ্থত নিজৰ-নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাও৷ বৰাক উপত্যকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে সদায়ে এক সাৰুৱা অঞ্চল৷ এই অঞ্চলতেই ভাৰতীয় জনতা পাৰ্টিয়ে ১৯৯১ চনৰ পৰাই নিজৰ শক্তি সামৰ্থৰে ৯ জনকৈ বিধায়ক আৰু দুগৰাকীকৈ সাংসদ জয়ী কৰাই আনিবলৈ সক্ষম হৈছিল বুলি তেওঁ কয়৷ সভাপতি দিলীপ শইকীয়াই কাছাৰবাসী ৰাইজক বৰাকৰ উন্নয়ন আৰু অসমৰ উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ সপক্ষে নিজৰ-নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি আমি দৃঢ় বিশ্বাসী যে আমাৰ দলৰ মনোনীত প্ৰাৰ্থীসকল ক্ৰমে কৌশিক ৰয়, ডাঃ ৰাজদ্বীপ ৰায়, কমলাক্ষ দে’ পুৰকায়স্থ, অমিয় কান্তি দাস, কিশোৰ নাথ, ৰাজদ্বীপ গোৱালা বিপুল ব্যৱধানত বিজয়ী হ’ব৷ উল্লেখ্য, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় প্ৰাৰ্থীসকল ক্ৰমে – কৌশিক ৰয়, ডাঃ ৰাজদ্বীপ ৰয়, কমলাক্ষ দে’ পুৰকায়স্থ, অমিয় কান্তি দাস, কিশোৰ নাথ, ৰাজদ্বীপ গোৱালালৈ অনন্ত শুভকামনা জ্ঞাপন কৰে এখন বিজয়ী বস্ত্ৰৰে তেওঁলোকক শুভকামনা জনায়৷ এইদিনা মা দুৰ্গাৰ আশীৰ্বাদ আৰু লক্ষ্মীপুৰ বিধান সভাৰ নাগৰিকসকলৰ শুভেচ্ছা, মৰম আৰু আশীৰ্বাদ লৈ বিধানসভা নিৰ্বাচনৰ বাবে লক্ষ্মীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী কৌশিক ৰয়ে মনোনয়ন পত্ৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত দাখিল কৰে৷ কৌশিক ৰয়ে কয়, লক্ষ্মীপুৰবাসীৰ আশীৰ্বাদ লৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মোৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ‌৷ মনোনয়ন যাত্ৰাত ৰাইজৰ অপূৰ্ব সঁ‌হাৰি দেখি সঁ‌চাই অভিভূত হৈ পৰিলোঁ‌৷ সকলোৰে সাহস আৰু মৰমৰ বাবে মই চিৰ কৃতজ্ঞ হৈ ৰ’ম৷ তেওঁ কয়, যোৱা ৫ বছৰত লক্ষ্মীপুৰ সমষ্টিৰ ৰাইজৰ সৈতে আৰম্ভ কৰা উন্নয়নৰ গতি আৰু অধিক শক্তিশালী কৰাৰ বাবে সমষ্টিবাসীৰ সহযোগিতা, সমৰ্থন আৰু আশীৰ্বাদ অত্যন্ত বাঞ্ছনীয়৷ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিনা সোমবাৰে শিলচৰ জিলা আয়ুক্ত কাৰ্যালয় আৰু উন্নয়ন ভবনত কাছাৰ জিলাৰ লক্ষ্মীপুৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কৌশিক ৰয়, কাটিগড়া সমষ্টিৰ কমলাক্ষ দে পুৰকায়স্থ, বৰখলা সমষ্টিৰ কিশোৰ নাথ, ধলাই সমষ্টিৰ অমিয় কান্তি দাস, শিলচৰ সমষ্টিৰ ডাঃ ৰাজদীপ ৰয় আৰু সোণাই সমষ্টিৰ অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৰিম উদ্দীন বৰভূঞাই মনোনয়ন দাখিল কৰে৷ অইন পিনে কংগ্ৰেছ দলৰ লক্ষ্মীপুৰ সমষ্টিৰ প্ৰাৰ্থী শান্তি কুমাৰ সিং, কাটিগড়া সমষ্টিৰ অমৰচান্দ জৈন, বৰখলা সমষ্টিৰ ডাঃ অমিত কালোয়াৰ, ধলাই সমষ্টিৰ ধ্ৰূবজ্যোতি পুৰকায়স্থ, শিলচৰ সমষ্টিৰ অভিজিৎ পাল আৰু সোণাই সমষ্টিৰ আমিনুল হক লস্কৰে মনোনয়ন পত্ৰ দাখিল কৰে৷ তদুপৰি অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ উধাৰবন্দ সমষ্টিৰ প্ৰাৰ্থী তাপস দাস, সোণাই সমষ্টিৰ ছাহাজাহান লস্কৰ, কাটিগড়া সমষ্টিৰ ফজলুৰ ৰহমান লস্কৰ, এআই ইউ ডি এফৰ মিনাৰ হুছেইন মাঝাৰভূঞা নিৰ্দলীয় প্ৰাৰ্থী মিঠুন নাথ প্ৰমুখ্যে মনোনয়ন পত্ৰ দাখিল কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular