40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমযুৱ সাংবাদিক জাহ্নুশ্যাম সোণোৱাললৈ “যুৱ প্ৰেৰণা বঁটা–২০২৬” সন্মান প্ৰদান, কিছু দিনৰ পূৰ্বে...

যুৱ সাংবাদিক জাহ্নুশ্যাম সোণোৱাললৈ “যুৱ প্ৰেৰণা বঁটা–২০২৬” সন্মান প্ৰদান, কিছু দিনৰ পূৰ্বে কৰিয়াজানবাসী ৰাইজে প্ৰদান কৰিছিল সোণোৱালী বঁটা ২০২৬

যুৱ সাংবাদিক জাহ্নুশ্যাম সোণোৱাললৈ “যুৱ প্ৰেৰণা বঁটা–২০২৬” সন্মান প্ৰদান, কিছু দিনৰ পূৰ্বে কৰিয়াজানবাসী ৰাইজে প্ৰদান কৰিছিল সোণোৱালী বঁটা ২০২৬

তিনিচুকীয়া জিলাৰ কৰিয়াজান গাঁৱৰ উদীয়মান যুৱ সাংবাদিক শ্ৰীযুত জাহ্নুশ্যাম সোণোৱাল পুনৰ এবাৰ উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা (AASKSU)ৰ তিনিচুকীয়া জিলা সমিতিয়ে ডিৰাক পুৰণা চোমনি গাঁৱত অনুষ্ঠিত কৰা অধিবেশনত তেওঁক “যুৱ প্ৰেৰণা বঁটা–২০২৬”ৰে সন্মানিত কৰি তেওঁৰ সাংবাদিকতা জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ত নতুন সংযোজন কৰিছে৷ উল্লেখযোগ্য যে, শেহতীয়াকৈ “সোণোৱালী বঁটা–২০২৬”ৰে সন্মানিত হোৱা সোণোৱালৰ এই নতুন স্বীকৃতিয়ে তেওঁৰ অৱিৰত পৰিশ্ৰম, নিষ্ঠা আৰু জনস্বাৰ্থৰ প্ৰতি অটল প্ৰতিশ্ৰুতিক পুনৰ প্ৰতিফলিত কৰিছে৷ বৰ্তমান তেওঁ “Bordumsa Live 24X7” ৱেব পৰ্টেলৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ লগতে “দুৰ্নীতিৰ দৰ্পণ” দৈনিক বাতৰি কাকতৰ তিনিচুকীয়া জিলা ইনচাৰ্জ আৰু “প্ৰথম খবৰ” চেটেলাইট চেনেলৰ সংবাদদাতা হিচাপে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি আহিছে৷ সত্য অনুসন্ধানী সাংবাদিকতাৰ ক্ষেত্ৰত জাহ্নুশ্যাম সোণোৱালে সদায় এক দৃঢ় আৰু নিৰ্ভীক ভূমিকা গ্ৰহণ কৰি আহিছে৷ সমাজত বিদ্যমান বিভিন্ন সমস্যা, দুৰ্নীতি, অনিয়ম আৰু জনজীৱনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সময়ে সময়ে স্পষ্টভাৱে জনসমুখত উজাগৰ কৰি আহিছে৷ তেওঁৰ এই সাহসিকতা আৰু দায়িত্ববোধে তেওঁক এক বিশ্বাসযোগ্য আৰু জনপ্ৰিয় সাংবাদিক হিচাপে প্ৰতিষ্ঠিত কৰিছে৷ জাহ্নুশ্যাম সোণোৱালে নিজৰ শিক্ষাজীৱন কৰিয়াজান গাঁৱৰ ১ নং কৰিয়াজান প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰে৷ তাৰ পিছত তেওঁ পূৰ্বজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পন্ন কৰে আৰু মাধৱপুৰ জাতীয় বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষা লাভ কৰে৷ পিছত তেওঁ বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়ত উচ্চতৰ শিক্ষা গ্ৰহণ কৰি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ লগতে তেওঁ দুই বছৰীয়া শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম আৰু দুই বছৰীয়া কম্পিউটাৰ শিক্ষা সম্পন্ন কৰি নিজৰ পেছাগত দক্ষতা অধিক শক্তিশালী কৰিছে৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত অতিথি আৰু ৰাইজে মত প্ৰকাশ কৰি কয় যে, স্থানীয় পৰিসৰৰ পৰা উঠে অহা জাহ্নুশ্যাম সোণোৱালৰ দৰে এজন যুৱকে নিজৰ মেধা আৰু পৰিশ্ৰমৰ জৰিয়তে আজি যি স্থান দখল কৰিছে, সেয়া আন যুৱ সমাজৰ বাবে এক প্ৰেৰণা৷ তেওঁলোকে আশা প্ৰকাশ কৰে যে, আগন্তুক দিনত সোণোৱালে আৰু অধিক শক্তিশালীভাৱে সমাজৰ পক্ষে কলম ধৰি থাকিব৷ উল্লেখযোগ্য যে, ইতিপূৰ্বে তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ “AIJ Media Award–2024”, “যুৱ সাংবাদিকতা বঁটা–২০২৪”, “সলিল নেওঁগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিক বঁটা–২০২৪” আৰু “যুৱ সাহসীকতা বঁটা–২০২৫” আদি বহু কেইটা সন্মান লাভ কৰিছে৷ ইয়াৰ উপৰিও বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংগঠনে তেওঁক সময়ে সময়ে সম্বৰ্ধনা জনাই আহিছে৷ ২০১৯ চনৰ পৰা সংবাদ জগতৰ সৈতে জড়িত জাহ্নুশ্যাম সোণোৱালৰ এই ধাৰাবাহিক সাফল্যই প্ৰমাণ কৰে যে, নিষ্ঠা, সততা আৰু কঠোৰ পৰিশ্ৰমেৰে যিকোনো ক্ষেত্ৰতেই সফলতা অৰ্জন কৰিব পাৰি৷ তেওঁৰ এই সফল যাত্ৰাই আগন্তুক দিনত আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular