41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমনিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অখিল গগৈয়ে কংগ্ৰেছৰ কান্ধত উঠিছেঃকুশল দুৱৰী, অখিল গগৈয়ে...

নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অখিল গগৈয়ে কংগ্ৰেছৰ কান্ধত উঠিছেঃকুশল দুৱৰী, অখিল গগৈয়ে মনে সাজি টকা দি মিছা কাহিনী ৰচনা কৰিছেঃ৬১ জনীয়া তালিকাৰ প্ৰসংগত কুশল দুৱৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া

নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অখিল গগৈয়ে কংগ্ৰেছৰ কান্ধত উঠিছেঃকুশল দুৱৰী, অখিল গগৈয়ে মনে সাজি টকা দি মিছা কাহিনী ৰচনা কৰিছেঃ৬১ জনীয়া তালিকাৰ প্ৰসংগত কুশল দুৱৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ প্ৰতিকূল বতৰকো নেওচি আজি শিৱসাগৰ দিখৌমুখ হাতিঘূলি অঞ্চলত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰীয়ে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে আজি বতৰটো খুব বেয়া যদিও প্ৰতিকূল বতৰৰ মাজতো হাতীঘূলি অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক উৎসাহেৰে আগুৱাই নিবলৈ সভাত উপস্থিত হৈছে৷ দুৱৰীয়ে অখিল গগৈক সমালোচনা কৰি কয় যে তেওঁ এতিয়া কংগ্ৰেছৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে৷ যিজন অখিল গগৈয়ে এসময়ত তৰুণ গগৈক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কৈছিল আৰু কংগ্ৰেছক গালি-গালাজ কৰিছিল, তেৱেই এতিয়া গৌৰৱ গগৈৰ সৈতে লগ লাগিছে৷ ​কুশল দুৱৰীয়ে অভিযোগ কৰা মতে, অখিল গগৈয়ে যোৱা পাঁচ বছৰত শিৱসাগৰৰ উন্নয়নৰ বাবে একো কাম কৰা নাই৷ আনকি ৰাইজে তেওঁক কেৱল জেলৰ পৰা উলিয়াই আনিবলৈহে ভোট দিছিল বুলি গগৈয়ে নিজেই স্বীকাৰ কৰিছে৷ দুৱৰীয়ে কয় যে এজন নিৰ্দলীয় বিধায়কে ইচ্ছা কৰিলেও একো কৰিব নোৱাৰে আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷ গতিকে অখিল গগৈয়ে আকাশত চাং পাতি থাকি একো লাভ নাই বুলি তেওঁ মন্তব্য কৰে৷ ​অখিল গগৈয়ে উত্থাপন কৰা বিভিন্ন অভিযোগৰ প্ৰত্যুত্তৰ দি দুৱৰীয়ে কয় যে এইবোৰ সকলো মনেসজা কথা৷ কোনোবা মাষ্টৰ বা ব্যক্তিক টকা দি তেওঁ এনে মিছা কাহিনী ৰচনা কৰিছে৷ তেওঁ প্ৰত্যাহ্বান জনাই কয় যে যদি তেওঁৰ বিৰুদ্ধে কিবা গোচৰ বা তথ্য থাকিলহেঁতেন, তেন্তে তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হ’লহেঁতেন৷ ইয়াৰোপৰি তেওঁ অখিল গগৈৰ ব্যক্তিগত চৰিত্ৰৰ বিষয়েও বিস্ফোৰক মন্তব্য কৰে৷ অখিল গগৈয়ে তেওঁৰ দদায়েকৰ ঘৰত গাহৰি মাৰি খোৱা বুলি কোৱা কথাষাৰ মিছা বুলি উল্লেখ কৰি দুৱৰীয়ে কয় যে, তেওঁ কেৱল ৰাইজৰ কাম আৰু উন্নয়নৰ বাবেহে ওলাই আহিছে৷ নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষত সংকল্প লৈছে বুলিও তেওঁ দাবী কৰে৷ ​অখিল গগৈয়ে হাতত লৈ ফুৰা ৬১ জনীয়া তালিকাৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কুশল দুৱৰীয়ে কয় যে এইবোৰ অখিল গগৈয়ে মনে সাজি কোনোবাক টকা দি কৰাইছে৷ দুৱৰীয়ে প্ৰত্যাহ্বান জনাই কয় যে এনে কাম কৰা হ’লে তেওঁ নিজেই ন্যায়ালয়ৰ দ্বাৰস্থ হ’লহেঁতেন৷ তেওঁৰ ওপৰত কোনেও গোচৰ তৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সাধু কথা কৈ থাকিলে ৰাইজে বিশ্বাস নকৰে৷ প্ৰসংগত কুশল দুৱৰীয়ে ওলোটাই তেওঁ বিস্ফোৰক মন্তব্য কৰি কয় যে অখিল গগৈয়ে কিমান নাবালিকাক ধৰ্ষণ কৰিলে সেই কথা তেওঁ ক’ব পাৰে, যদিও তেওঁ কাকো ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই৷ কেৱল উন্নয়নৰ স্বাৰ্থত বিজেপিৰ বিধায়কৰ প্ৰয়োজনীয়তা দোহাৰি তেওঁ সমষ্টিটোৰ সমস্যা সমাধান আৰু অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়াৰ বাবেহে কাম কৰিব বুলি মন্তব্য কৰে৷

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular