39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমকৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক চৰকাৰী নিযুক্তিত অন্তৰ্ভুক্ত কৰাই আমাৰ লক্ষ্যঃমৃদুল দাস

কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক চৰকাৰী নিযুক্তিত অন্তৰ্ভুক্ত কৰাই আমাৰ লক্ষ্যঃমৃদুল দাস

কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক চৰকাৰী নিযুক্তিত অন্তৰ্ভুক্ত কৰাই আমাৰ লক্ষ্যঃমৃদুল দাস

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ* সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নগৰ সমিতিৰ সহযোগত আজি শিৱসাগৰ প্ৰেছ ক্লাবত প্ৰতিযোগিতামূলক নিযুক্তি পৰীক্ষাৰ এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয়৷ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত মুখ্য বৈজ্ঞানিক ড০ খগেশ্বৰ দাসে ছাত্ৰ-ছাত্ৰীসকলক সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰে৷ ​কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰি সাধাৰণ সম্পাদক মৃদুল দাসে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰী নিকা নিযুক্তি পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত কৰি গঢ়ি তোলা আৰু তেওঁলোকক নিযুক্তি পোৱাত সহায় কৰাটোৱেই সন্থাৰ মূল লক্ষ্য৷ সেই অনুসৰি সন্থাই প্ৰতি মাহৰ দেওবাৰে এনে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি তেওঁ ঘোষণা কৰে৷ ​জিলা সভাপতি কুণাল প্ৰতিম মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ আঁতধৰে জিলা সাধাৰণ সম্পাদক দিপাংকৰ দাসে৷ অনুষ্ঠানত হৰিজন প্ৰতিনিধি নেইলাছ বাছফৰ, সহ-সম্পাদক বিকাশ বৰ্মন, প্ৰচাৰ সম্পাদক বিকি দাসৰ লগতে সুৰজিৎ দাস, সীমান্ত দাস, নগৰ সমিতিৰ উপ-সভানেত্ৰী ৰিণা ভৰালী আৰু সম্পাদিকা দীপশিখা দাসকে ধৰি বহুকেইজন গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে৷ ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক পৰীক্ষাসমূহৰ বাবে মানসিক আৰু বৌদ্ধিকভাৱে প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত সন্থা বদ্ধপৰিকৰ বুলিও সভাত উল্লেখ কৰা হয়৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular