35.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeঅসমউত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দ্বাৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত সংযোগ আৰু আধুনিকীকৰণৰ...

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দ্বাৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত সংযোগ আৰু আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দ্বাৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত সংযোগ আৰু আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন

মালিগাঁও, পিএন চি, ৩১ মাৰ্চ: উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নত সংযোগ, আধুনিকীকৰণ, যাত্ৰীৰ আৰাম আৰু আঞ্চলিক বিকাশৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে । ইয়াৰ সম্প্ৰসাৰণ অভিযানৰ অংশ ৰূপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰিমিয়াম, ছেমি-প্ৰিমিয়াম আৰু পৰম্পৰাগত ৰে’লকে ধৰি ২০ যোৰ নতুন ৰেল সেৱা আৰম্ভ কৰিছে, পৰিনামস্বৰূপে অঞ্চলটোৰ লগতে দেশৰ বাকী অংশৰ সৈতে ৰেল সংযোগ অধিক শক্তিশালী হৈছে। পৰিচালন দক্ষতাৰ এক গুৰুত্বপূৰ্ণ বৃদ্ধিৰ দিশত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৩৫ খন ৰেলৰ গতি বৃদ্ধি কৰি ভ্ৰমণৰ সৰ্বমুঠ ৬৭৫ মিনিট হ্ৰাস হয় ফলত প্ৰতিখন ৰে’লত গড়ে প্ৰায় ১৯ মিনিট সময় সঞ্চয় হয়। এই একেই সময়তে, এই ৰে’লৱেই ১০০% বৈদ্যুতিকৰণৰ সৈতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ভাৰতীয় ৰে’লৱেৰ বহনক্ষম আৰু শক্তি-দক্ষ পৰিচালনৰ অভিযানত অৰিহণা যোগাইছে, আনহাতে লাইনৰ ক্ষমতা বৃদ্ধি কৰি সামগ্ৰিক ৰে’ল পৰিচালন দক্ষতা উন্নত কৰি তুলিছে। ভৈৰৱী-চাইৰাং ৰে’লপথৰ আৰম্ভনিয়ে মিজোৰামৰ বাবে এক ঐতিহাসিক মাইলষ্টোন হিচাপে পৰিগণিত হৈছে, যাৰ ফলত যাত্ৰীবাহী ৰেল সেৱাই অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ লগতে কেইবাখনো ৰে’লত ১০০%তকৈ অধিক যাত্ৰীৰ সংখ্যা ৰেকৰ্ড কৰা হৈছে। মালবাহী ৰেলসেৱাই এক গতিবেগ লাভ কৰিছে যাৰ ভিতৰত চিমেণ্ট, ষ্টোন চিপ, অটোমোবাইল আৰু অন্যান্য সামগ্ৰীৰ পৰিবহণ অন্তৰ্ভুক্ত। ছাইৰাঙত প্ৰথমখন আভ্যন্তৰীণ অটোমোবাইল ৰেক, নাগালেণ্ডৰ মোলভমত মালবাহী ৰেলৰ পৰিচালন আৰু মেঘালয়ৰ মেণ্ডিপথাৰত পোন প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ৰেক লোডিঙৰ দৰে গুৰুত্বপূৰ্ণ সফলতাসমূহে আঞ্চলিক বাণিজ্য, বজাৰৰ প্ৰৱেশাধিকাৰ আৰু অৰ্থনৈতিক সুযোগসমূহৰ অধিক বৃদ্ধি কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই আন্তঃগাঁথনি আৰু আধুনিকীকৰণৰ দিশতো গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ সাক্ষী হৈছে, যাৰ ভিতৰত আছে হাওৰা আৰু গুৱাহাটীক সংযোগ কৰা ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছৰ প্ৰৱৰ্তন লগতে নতুন অমৃত ভাৰত আৰু এলএইচবি-সুসজ্জিত ৰে’ল সেৱা আৰম্ভ কৰা হৈছে। মুৰকংচেলেক–চিলে খণ্ডটো আৰম্ভ হোৱাৰ ফলত অৰুণাচল প্ৰদেশৰ সৈতে যোগাযোগ ব্যৱস্থা আৰু অধিক বৃদ্ধি পাব। ইয়াৰ উপৰিও, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত, কেইবাটাও ষ্টেচন আধুনিক সা-সুবিধাৰে পুনৰ বিকশিত কৰা হৈছে। অসমৰ হয়বৰগাঁও ৰে’লৱে ষ্টেচনটো স্থানীয় ঐতিহ্যৰ সৈতে সমসাময়িক আন্তঃগাঁথনিৰ সংমিশ্ৰনেৰে এক আদৰ্শ ষ্টেচন হিচাপে পৰিগণিত হৈছে আৰু পশ্চিম বংগৰ কামাখ্যাগুড়ী ৰে’লৱে ষ্টেচনটো ইতিমধ্যে উন্নত যাত্ৰী-অনুকূল সুবিধাৰে উন্নীত কৰা হৈছে। এই পৰিচালন সফলতাসমূহৰ লগতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই উন্নত সা-সুবিধা আৰু আধুনিক যন্ত্ৰ-পাতিৰে ৰে’লৱে চিকিৎসালয়সমূহ উন্নীত কৰাৰ লগতে উন্নত আন্তঃগাঁথনি আৰু ডিজিটেল শিক্ষাৰ পৰিৱেশৰ লগতে সঙ্গতি ৰাখি ৰে’লৱে বিদ্যালয়সমূহ উন্নতকৰণৰ সৈতে স্বাস্থ্যসেৱা আৰু শৈক্ষিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহে উন্নয়নৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামগ্ৰিক দৃষ্টিভংগীক প্ৰতিফলিত কৰি, কেৱল উন্নত যাত্ৰী সেৱাই নিশ্চিত কৰাই নহয়, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সামগ্ৰিক কল্যাণো নিশ্চিত কৰিছে, ইয়াৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলত সামগ্ৰিক উন্নয়ন কঢ়িয়াই আনিছে।

RELATED ARTICLES
Lucknow
haze
39 ° C
39 °
39 °
19 %
5.7kmh
3 %
Sat
44 °
Sun
45 °
Mon
42 °
Tue
43 °
Wed
44 °

Most Popular