30 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমতিনিচুকীয়া নিৰ্বাচনী জিলাত ভোটাৰ সজাগতাৰ বাবে উপস্থিত ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক,...

তিনিচুকীয়া নিৰ্বাচনী জিলাত ভোটাৰ সজাগতাৰ বাবে উপস্থিত ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক, ফ্লেগ অফ কৰে ভোটাৰ সজাগতা চাইকেল ৰেলীৰ

তিনিচুকীয়া নিৰ্বাচনী জিলাত ভোটাৰ সজাগতাৰ বাবে উপস্থিত ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক, ফ্লেগ অফ কৰে ভোটাৰ সজাগতা চাইকেল ৰেলীৰ
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২ এপ্ৰিলঃ অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লগতে ৯ এপ্ৰিল তাৰিখে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া নিৰ্বাচনী জিলাত উপস্থিত হৈছেহি ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক৷ তিনিচুকীয়াত উপস্থিত হৈ ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আজি কচুজান খেলপথাৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ সজাগতামূলক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰাৰ লগতে উক্ত চাইকেল ৰেলীত অংশগ্ৰহণ কৰি সকলোকে উৎসাহ প্ৰদান কৰে৷ তেওঁ কোনো ভয় অথবা শংকাৰ বশৱৰ্তী নহৈ বিবেক ভোট দি এখন শক্তিশালী ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা লবলৈ সকলোকে আহ্বান জনায়৷ আজিৰ এই ভোটাৰ সজাগতামূলক চাইকেল ৰেলীত SVEEP কোষৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে, পেৰা-চাইক্লিষ্ট তথা ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে অসমৰ বিভিন্ন জিলাত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ যোগাবৰ বাবে চাইকেল যাত্ৰা আৰম্ভ কৰিছে৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular