সোণাৰিত জয় ভাৰত পাৰ্টী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বল্লদেব টেলিৰ উত্থাননে বিপদত পেলাব NDA ৰ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক , ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পত্নী কল্পাণা মূৰ্ম চোৰেনৰ শালকাঠনিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বল্লদেব টেলিক ভোট জয়যুক্ত কৰিবলৈ আহ্বান
চৰাইদেউৰ পৰা ৰাজু গগৈ , দুৰ্নীতিৰ দৰ্পণ সেৱা চৰাইদেউ ৩ এপ্ৰিল : সঘণে সোণাৰি বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হোৱা পৰিলক্ষিত হৈছে । ৯৩ নং সোণাৰি বিধানসভা সমষ্টিত পুনৰ দ্বিতীয় বাৰৰ বাবে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে জয়ী হব পাৰিবানে , নে বিৰুধী মিত্ৰজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল গগৈ অথবা জয় ভাৰত পাৰ্টী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বল্লদেব টেলিৰ জয় হ’ব। এই মূহুৰ্তত চৰাইদেউত এক উত্তৰ নোহোৱা তিনি কোণীয়া নিৰ্বাচনী প্ৰচাৰ যুঁজ তুঙ্গত উঠিছে । ক্ৰমান্বয়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ যুঁজ । ৰাজ্যত হিতাধিকাৰীৰে চমক সৃষ্টি কৰি পুনৰ শাসনৰ গাদীত বহিবৰ বাবে NDA মিত্ৰজোঁটে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখি নিৰ্বচনী প্ৰচাৰ কাৰ্যত নামি পৰিছে । হিতাধিকাৰী সৰ্বস্ব ৰাজনীতিৰে ক্ষমতালৈ পুনৰ তৃতীয় বাৰৰ বাবে সহজতেই আহি NDA ৰ চৰকাৰ গঠন কৰিব পাৰিব বুলি বিজেপি গুণা গঁথা কৰি আছে যদিও লক্ষ্যত উপনীত হ’বলৈ নিৰ্বাচনী যুঁজ বাট মসৃণ হৈ থকা নাই । ইতিমধ্যে পোন প্ৰথমবাৰৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টীয়ে অসমত ২২ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । JMM আৰু JBP মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ যোৱা কেইটা দিনত ঝাৰখণ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ লগতে পত্নী কল্পাণা মূৰ্ম চোৰেনৰ সহিতে ঝাৰখণ্ড ৰাজ্যৰ কেইবাজনো মন্ত্ৰী বিধায়ক আৰু সাংসদে অসমত বাহৰ পাতি দলৰ প্ৰাৰ্থী সকলৰ সপক্ষত নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ সভাত যুদ্ধংদেহি মনোভাৱেৰে নামি পৰা পৰিলক্ষিত হৈছে ।আজি ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ শালাকাঠি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত বল্লদেৱ টেলিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পত্নী তথা বিধায়িকা কল্পাণা মূৰ্ম চোৰেনে । দিনৰ প্ৰায় ১ বজাৰ পৰা শালকাঠনি চাহ বাগিচাৰ খেলপথাৰত ঝাৰখণ্ডৰ বিধায়িকা কল্পনা মূৰ্ম চোৰেনৰ নিৰ্বাচনী ভাষণ শুনিবলৈ আৰু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ আবেলি চাৰি বজালৈকে ১০ হাজাৰোধিক ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে । চাহ বাগিচাৰ আদিবাসী শ্ৰমিক সকলৰ অৱস্হা অসমত অতিকে শোচনীয় বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচনত জয়যুক্ত কৰি পথালে দৈনিক হাজিৰা ৫০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰাৰ উপৰিও ইংৰাজ শাসনৰ দিনতে অসমলৈ অহা চাহ বাগিচাৰ শ্ৰমজীৱি আদিবাসী জনগণৰ লগতে পূৰ্বৰে পৰা অসমত বসবাস কৰি থকা আদিবাসী সকলক জনজাতি কৰণ নকৰাত আক্ষেপ প্ৰকাশ কৰে। এছ টি ভি প্ৰদান কৰি থলুৱা আদিবাসী সকলক ঠগিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে । ।প্ৰতিকুল বতৰকো নেওচি সোনাৰি সমষ্টিত বিভিন্ন চাহ বাগিচাৰ লগতে গাঁও আৰু বস্তিৰ পৰা অহা দহ সহস্ৰাধিক লোকৰ উপস্থিতিত সন্মুখত কল্পনা মূৰ্ম চোৰেনে শাসকীয় দলৰ বিভিন্ন আঁচনিৰ টোপৰ বিপৰীতে বিভিন্ন প্ৰলোভনৰ ৰাজনীতি পৰা আতঁৰত থাকি উন্নয়ন তথা খাটি খোৱা শ্ৰমজীবি শ্ৰমিক – কৃষকৰ ন্যায়্য প্ৰাপ্তি যুঁজ বুলি অভিহিত কৰি ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ লগতে অহা ন এপ্ৰিলত ধনু কাঁড় চিহ্নত বল্লদেব টেলিক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । উল্লেখযোগ্য সোণাৰি বিধানসভা সমষ্টিৰ নিৰ্বাচনীত চাহ বাগিচাৰ শ্ৰমিকৰ ভোটাৰে এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে । প্ৰায় ৬০ শতাংশতকৈয়ো অধিক চাহ শ্ৰমিকৰ ভোটাৰে পৰিপূৰ্ণ ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ আৰ্কষনীয় হৈ উঠিছে । অহা ৫ এপ্ৰিলত পুনৰ ঝাৰখণ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সোণাৰিৰ টাউকাক চাহ বাগিচাৰ খেলপথাৰত জয় ভাৰত পাৰ্টী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বল্লদেব টেলিৰ সমৰ্থন পুনৰ এখন জনসভা আয়োজন কৰি বল্লদেব টেলিৰ সমৰ্থক সকলে যুদ্ধংদেহি মনোভাৱেৰে প্ৰচাৰ অভিযানত নামি পৰিছে। বল্লদেব টেলিৰ উত্থানত বিশেষকৈ যোৱা পাঁচ বছৰৰ বিধায়ক তথা NDA ৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বিৰুধী মিত্ৰজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল গগৈৰ নিৰ্বাচনী অংকত স্বাভাৱিকতে জটিলতা আহি পৰিছে । সোণাৰি বিধানসভা সমষ্টিটো পুনৰ দ্বিতীয় বাৰৰ বাবে ধৰ্মেশ্বৰ কোঁৱৰ জয়ী হ’ব বুলি ভবা হৈছিল যদিও নিৰ্বাচনী প্ৰচাৰ যুঁজত উৎপল গগৈয়ো পিছ পৰি ৰোৱা নাই । সোণাৰি বিধানসভা সমষ্টি নিৰ্বাচনী যুঁজত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বল্লদেব টেলিৰ আত্মপ্ৰকাশে কোনো জনক সোণাৰি সমষ্টিৰ ৰাইজে ভোট দি জয়যুক্ত কৰি বিধানসভা লৈ পলাবলৈ উপযুক্ত বুলি বিবেচনা কৰে সেয়া লক্ষণীয় হ’ব ।

