41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমডিব্ৰুগড়ৰ বৰবৰুৱাত উজনি অসমৰ একাডেমীৰ ছয়গৰাকী আৰ্চাৰী খেলুৱৈক সম্বৰ্ধনা

ডিব্ৰুগড়ৰ বৰবৰুৱাত উজনি অসমৰ একাডেমীৰ ছয়গৰাকী আৰ্চাৰী খেলুৱৈক সম্বৰ্ধনা

ডিব্ৰুগড়ৰ বৰবৰুৱাত উজনি অসমৰ একাডেমীৰ ছয়গৰাকী আৰ্চাৰী খেলুৱৈক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ,প্ৰশান্ত শইকীয়া,ডিব্ৰুগড়, ৩ এপ্ৰিল : উজনি অসমৰ আৰ্চাৰী খেলৰ বাবে চলিত বর্ষটো অসমৰ ক্ৰীড়া জগতৰ বাবে এক উল্লেখযোগ্য আৰম্ভণি। বিশেষকৈ ডিব্ৰুগড় জিলাৰ বৃহত্তৰ বৰবৰুৱা আৰু লেপেটকটা অঞ্চলৰ ক্ৰীড়া প্ৰতিভাক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পর্যায়ত খেলত অংশ গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিলে উজনি অসমৰ আৰ্চাৰী একাডেমীৰ ছয়গৰাকী প্ৰতিযোগীয়ে। ২৬ মার্চৰ পৰা অন্ধ্ৰপ্ৰদেশৰ গুনতুৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আৰ্চাৰী খেল প্রতিযোগিতাত ৬ গৰাকী খেলুৱৈ যথাক্রমে কুমকুম ৰয়, মৈত্ৰেয়ী নায়ক, ত্রিদিশা সোনোৱাল, ৰুণজুন কুমাৰী, লক্ষ্যৰাজ উৰাঙ আৰু অর্পিতা ৰাজখোৱাই। সৰ্বভাৰতীয় এই খেলত বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিলে,তেওঁলোকে এইখেলত অংশ গ্ৰহণ কৰি নিজৰ পাৰৰ্দশিতা প্ৰদৰ্শন কৰাৰ বাবে ক্ৰীড়া প্ৰেমীৰ সকলৰ মাজত আনন্দৰ লগতে খেলুৱেই সকলক লৈ আশাবাদী তেওঁলোকৰ শুভাকাংক্ষী সকল। এই সাফল্যৰ বাবে দলটোৰ লগত দিনে-নিশাই কষ্ট কৰা ৰাজেশ বদন নায়ক, ডেভিদ স্বর্গীয়াৰী, চন্টু মাহালিৰ অৱদানৰ বাবে শলাগ জ্ঞাপন কৰিছে। ৰাষ্ট্ৰীয় প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰা খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰা বাবে আজি বৰবৰুৱা পূজা খেলপথাৰত আৰ্চাৰী একাডেমীৰ তৰফৰ পৰা এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সমাজ সংগঠক ৰাজেশ বদন নায়কৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু শিক্ষক মিলন নেওগে আঁতধৰা অনুষ্ঠানত -ক্ৰমে বৰবৰুৱা চাহবাগিছাৰ পৰিচালক চমী লুধিয়া, লায়ঞ্চ ক্লাৱৰ সভাপতি মলয়ক্ৰান্তি চক্ৰবৰ্তী, সম্পাদক, সঞ্জীৱ চেটাৰ্জী, সাংবাদিক প্ৰশান্ত শইকীয়া, সমাজ সেৱক বাবলু ঠাকুৰীয়াকে প্ৰমূখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular