গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি , সমাজ সেৱকক প্ৰানে মাৰি পেলোৱাৰ চেষ্টা
শেখৰ দাসৰ প্ৰতিবেদন, গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দৈব্য কোমল দত্তই গৌৰীপুৰৰ এজন সমাজ কৰ্মী আব্দুল মতোলেপক ধন নিদিয়াৰ অভিযোগত গৌৰীপুৰৰ আৰক্ষী থানাৰ ভিতৰত এটা চি চি টিভি, নথকাৰ ৰূমত আবদ্ধ কৰি জুৰুলা -জুৰলী কৈ প্ৰহাৰ কৰাৰ উপৰিও প্ৰান-নাশৰ চেষ্টা চলায় বুলি অভিযোগ ভুক্তভোগীৰ। অভিযোগ মতে , আব্দুল মতলেবৰ পৰা ইমানত শান্ত নাথাকি তেখেতৰ লগত থকা কিছুমান টকা লৈ গোপনে উক্ত টকা খিনি নিজে আত্মসাধ কৰা বুলি আব্দুল মতলেবে জানিবলৈ দিয়ে। মনকৰিবলগীয়া বিষয় হৈছে যে , উপায় বিহীন হৈ ধুবুৰী জিলাৰ আদালতত উক্ত ঘটনাৰ সংক্ৰান্তত গোচৰ ৰুজু কৰি তদন্ত কাৰণে ধুবুৰী জিলাৰ জেষ্ট আৰক্ষী অধীক্ষকৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি ধুবুৰী জিলাৰ উপ-আৰক্ষী অধীক্ষকক লোক ধৰি সকলো বিষয়ে লিখিত ভাবে অৱগত কৰাৰ উপৰিও গৌৰীপুৰৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উচিত শাস্তি প্ৰদানৰ ক্ষেত্ৰত দাবী জনাইছে। ইয়াৰ উপৰিও এই ঘটনাক কেন্দ্ৰ কৰিয়েই গৌৰীপুৰত সচেতন নাগৰিকে গৰিহণা দিয়াৰ লগতে সমগ্ৰ উক্ত ঘটনাৰ কাৰণে অবিলম্বে গৌৰীপুৰৰ O.C.জনক শাত্তি দিবলৈ দাবী জনাইছে। আনহাতে , আন এগৰাকী আৰক্ষী বিষয়াক অবিলম্বে গৌৰীপুৰৰ থানাৰ অচি হিচাপে নিযুক্তি দিবলৈ দাবী জনাইছে।
গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি , সমাজ সেৱকক প্ৰানে মাৰি পেলোৱাৰ চেষ্টা
Lucknow
broken clouds
30
°
C
30
°
30
°
89 %
2.6kmh
61 %
Fri
36
°
Sat
36
°
Sun
32
°
Mon
33
°
Tue
36
°

