আলগাপুৰ কাটলিছড়াত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ জুবাইৰ এনাম মজুমদাৰৰ সমৰ্থনত প্ৰচাৰত শচিন পাইলটৰ তীব্ৰ বিজেপি আক্ৰমণ
প্ৰীতম দাস হাইলাকান্দি ৪ মাৰ্চঃনিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই শাসক আৰু বিৰোধী শিবিৰৰ তৎপৰতাত উত্তপ্ত হৈ উঠিছে বৰাক উপত্যকাৰ ৰাজনৈতিক পৰিৱেশ। প্ৰতিদিনেই জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এটাৰ পাছত এটা নিৰ্বাচনী জনসভা পদযাত্ৰা আৰু প্ৰচাৰ কাৰ্যসূচী। ফলস্বৰূপে ভোটৰ পূৰ্বে ৰাজনৈতিক উত্তেজনা আৰু উৎসাহেৰে সমগ্ৰ অঞ্চলটো টগবগাই উঠিছে।এই পৰিৱেশত হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিছড়া ১২২ নং বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জুবাইৰ এনাম মজুমদাৰৰ সমৰ্থনত অনুষ্ঠিত হয় এখন বৃহৎ নিৰ্বাচনী জনসভা। জিলাৰ বুয়ালিপাৰ বজাৰত অনুষ্ঠিত এই জনসভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতি লক্ষ্য কৰা যায়। দূৰ দূৰণিৰ পৰা অহা সমৰ্থকৰ ঢলে সভাস্থলটো একেবাৰে জনসমুদ্ৰলৈ ৰূপান্তৰিত হয়।এই সভাত উপস্থিত থাকি কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰ চলায় ৰাজস্থানৰ বিধায়ক শচীন পাইলট বক্তব্যৰ আৰম্ভণিতে তেওঁ স্থানীয় ৰাইজৰ উষ্ণ আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই বিপুল জনসমাগমেই পৰিবৰ্তনৰ বতাহ ব’বলৈ আৰম্ভ কৰাৰ স্পষ্ট প্ৰমাণ।সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আলগাপুৰ কাটলিছড়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জুবাইৰ এনাম মজুমদাৰ বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হ’ব। লগতে তেওঁ উল্লেখ কৰে যে কেৱল এই সমষ্টি নহয় সমগ্ৰ অসমতেই এইবাৰ কংগ্ৰেছৰ পক্ষত জনসমৰ্থন স্পষ্ট হৈছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি তেওঁ দৃঢ় আশাবাদ প্ৰকাশ কৰে।ইয়াৰ পিছতে তেওঁ শাসক দল বিজেপিৰ বিৰুদ্ধে একাধিক বিষয়ত তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত সাহাৰ শেহতীয়া মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া জনাই তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশকাৰীক ‘লাল কাৰ্পেট’ বিছাই স্বাগত জনাইছিল বুলি কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।তেওঁ কয় যে বিগত প্ৰায় ১২ বছৰ ধৰি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতাত আছে। সীমান্ত সুৰক্ষা আৰু দেশৰ নিৰাপত্তা ব্যৱস্থাও তেওঁলোকৰ অধীনত চলি আছে। এনে পৰিস্থিতিত বিৰোধীৰ ওপৰত দোষ আৰোপ কৰাটো বাস্তৱতাৰ পৰা দৃষ্টি আঁতৰোৱাৰ চেষ্টা বুলিও তেওঁ মন্তব্য কৰে। যদি সঁচাকৈয়ে অনুপ্ৰৱেশৰ সমস্যা থাকে তেন্তে তাক চিনাক্ত কৰি সমাধান কৰা চৰকাৰৰ দায়িত্ব বুলি তেওঁ স্পষ্টকৈ কয়।ইয়াৰ উপৰি দেশৰ বৰ্তমান অৰ্থনৈতিক আৰু জ্বালানি সংকট বিষয়তো তেওঁ মত প্ৰকাশ কৰে। পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি আৰু যোগান সম্পৰ্কীয় সমস্যাৰ উল্লেখ কৰি তেওঁ কয় যে এই বিষয়ত চৰকাৰে স্বচ্ছভাৱে জনসাধাৰণৰ আগত উপস্থিত হৈ বাস্তৱ পৰিস্থিতি বুজাব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে বিমান পৰিবহণ ক্ষেত্ৰত ৬০ শতাংশ সংৰক্ষণ নীতি উঠাই দি মূল সমস্যাটো ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।তেওঁৰ ভাষণত সাধাৰণ জনতাৰ দৈনন্দিন জীৱনযাত্ৰাৰ ব্যয় বৃদ্ধি, কৰ্মসংস্থাপনৰ অভাৱ আৰু কৃষক শ্ৰমিকৰ সমস্যা আদি বিষয়ো উঠে আহে। তেওঁ কয় যে বৰ্তমান পৰিস্থিতিত ৰাইজে পৰিবৰ্তন বিচাৰে আৰু সেই পৰিবৰ্তনৰ নেতৃত্ব দিবলৈ কংগ্ৰেছ সাজু।সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি তেওঁ পুনৰ কয় যে অসমত কংগ্ৰেছৰ পক্ষত জনসমৰ্থন দিনে দিনে বৃদ্ধি পাইছে আৰু এই বৃহৎ জনসমাগমেই তাৰ প্ৰমাণ। তেওঁ আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনৰ ফলাফলত এই সমৰ্থনৰ প্ৰতিফলন দেখা যাব।সৰ্বমুঠতে আলগাপুৰ কাটলিছড়াৰ এই বৃহৎ জনসভাই কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। বিপুল জনসমাগম তীব্ৰ ৰাজনৈতিক ভাষণ আৰু পাল্টা আক্ৰমণৰ মাজেৰে এই সভাক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ অধিক বৃদ্ধি পাইছে। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে এই উত্তেজনা আৰু অধিক বৃদ্ধি পাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।
আলগাপুৰ কাটলিছড়াত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ জুবাইৰ এনাম মজুমদাৰৰ সমৰ্থনত প্ৰচাৰত শচিন পাইলটৰ তীব্ৰ বিজেপি আক্ৰমণ
Lucknow
overcast clouds
43.2
°
C
43.2
°
43.2
°
19 %
5.8kmh
88 %
Sun
43
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

