টিহুৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ, বাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি
মুকালমুৱাৰ পৰা সুৰজিত পাঠক ৫ মাৰ্চ – অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ আন সমষ্টি সমূহৰ দৰে নলবাৰী জিলাৰ ৪০নং টিহু বিধানসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ ত্বৰাম্বিত হৈ উঠিছে৷ ৪০নং টিহু বিধানসভা সমষ্টিৰ বিজেপি মনোনীত তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত নিৰ্বাচনী প্ৰচাৰ অভিযান বৃদ্ধি কৰিছে৷ সমষ্টি নিৰ্ধাৰণৰে ৪০নং টিহু সমষ্টিত নতুনকৈ চামিল হোৱা পূৰ্বৰ বৰক্ষেত্ৰী সমষ্টিৰ কেইবাখনো গাঁৱত কালি নিৰ্বাচনী প্ৰচাৰ চলায় কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে৷ চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ অধীনস্ত ২৮নং কান্ধবাৰী-বৰধাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত কান্ধবাৰী, বৰধাপ, ২৯নং দৰংগিপাৰা-লোহাৰকাঠা গাঁও পঞ্চায়তৰ অন্তৰ্গত দাগাপাৰা, লোহাৰকাঠা, চতেমাৰী আৰু ৩০নং নাৰায়নপুৰ-সাপকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাৰায়নপুৰ, সাপকাটা আদি অঞ্চলত প্ৰচাৰ অভিযান চলায়৷ এই সময়ছোৱাত চন্দ্ৰমোহন পাটোৱাৰীয়ে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰতিখন গাঁও পঞ্চায়ততে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে৷ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত চন্দ্ৰমোহন পাটোৱাৰীক সংগ দিয়ে বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি নিপন ভড়ালী, মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ কলিতাকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ কেইবাজনো কাৰ্যকৰ্তাই৷

