38.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeঅসমলক্ষীমপুৰত হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত অনুষ্ঠিত হিন্দু সন্মিলন

লক্ষীমপুৰত হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত অনুষ্ঠিত হিন্দু সন্মিলন

লক্ষীমপুৰত হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত অনুষ্ঠিত হিন্দু সন্মিলন

লক্ষীমপুৰ, এপ্ৰিল: হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ উদ্যোগত লক্ষীমপুৰ চৰকাৰী পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয় হিন্দু সন্মিলন। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু সাধাৰণ সম্পাদক ঘনকান্ত বৰাই জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীৰ উপলক্ষে আয়োজন কৰা উক্ত সন্মিলনখনিত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰন্ট, অসমৰ ৰাজ্যিক সভাপতি তথা হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ মুখ্য উপদেষ্টা বলেন বৈশ্য, মাজুলি দক্ষিণপাট গৃহশ্ৰমী সত্রৰ সত্রাধিকাৰ তথা হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ ৰাজ্যিক সভাপতি জনাৰ্দ্দন দেৱ গোস্বামী, ৰাষ্টীয় হিন্দু ফ্ৰন্টৰ সংযোজক বিপ্ৰদ্বীপ দেৱ,বিত্ত সম্পাদক দীনেশ গোৱেংকা,হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাসকে প্ৰমুখ্য কৰি লক্ষীমপুৰ সমাজ জীৱনৰ কেইবাজনো জেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। সভাত ভাৰত মাতা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সত্রাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী প্ৰভুৰ সহিতে পেঞ্চনাৰ সন্থাৰ বিষয়ববীয়াসকলে। জেষ্ঠ নাগৰিক বাবুল বৰা সঞ্চালনাত সভাৰ আৰম্ভণিতে এক দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শনেৰে সভাখন আৰম্ভণি কৰা হয়। সভাৰ আদৰণী ভাষনত পৰিষদৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাসে সাম্প্ৰতিক পৰিস্হিতিত ৰাজ্যত ব্যাপক হাৰত সলনি জনবিন্যাসৰ সম্পৰ্কে আলোকপাত কৰা লগতে খিলঞ্জীয়া জনগণক একত্ৰিত হবলৈ আহ্বান জনায়। সভাত অন্যহাতে সত্রাধিকাৰ প্ৰভুৱে ৰাজ্যত খৃষ্টান মিছনেৰীৰ আগ্ৰাসন তথা অবৈধ ধৰ্মান্তকৰণৰ বিৰুদ্ধে সৰৱ হয় আৰু এই খৃষ্টান মিছনেৰীৰ দ্বাৰা হোৱা ধৰ্মান্তকৰণৰ ৰোধ কৰাৰ ক্ষেত্ৰত এক কঠোৰ আইন অনাৰ পোষকতা কৰে সত্রাধিকাৰ গৰাকীয়ে। আনহাতে উক্ত সভাখনিত বলেন বৈশ্যই চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰ চীনকে ধৰি বাংলাদেশক ভাৰতবিৰোধী ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ভাৰত চৰকাৰক এই দেশখনৰ বিৰুদ্ধে অধিক সষ্টম হবলৈ হবলৈ জনায়। উক্ত শত্ৰুৰাষ্টৰ দালাল হৈ অসমত কাম কৰা বামপন্হী বুদ্ধিজীৱীসকলৰ লগতে বামপন্হী নেতা অখিল গগৈকো তীব্ৰ কটাক্ষ কৰে বৈশ্যই। ৰাজ্যত এফালে বাংলাদেশী মুছলমানৰ কবলত বিধ্বস্ত হোৱা ৰাজ্যখনত বাকী থকা খিলঞ্জীয়া হিন্দুসকলৰ মাজতো বিভেদ অনা এই বামপন্হী শিয়াল সকলক ৰাজ্যৰ খিলঞ্জীয়া ৰাইজে চিনি লোৱা উচিত আৰু প্ৰত্তোতৰ দিয়া সময় আহি পৰিছে বুলি বৈশ্যই মতপোষন কৰে। উক্ত সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰিষদৰ কাৰ্যকৰ্তাৰ লগতে জিলাখনৰ জেষ্ঠ নাগৰিক তথা আইমাতৃসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
16 %
5.1kmh
22 %
Sat
42 °
Sun
45 °
Mon
42 °
Tue
43 °
Wed
44 °

Most Popular