40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমাজৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চমকপ্ৰদ সাফল্য, আনন্দত উৎফুল্ল শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শৈক্ষিক সমাজ

মাজৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চমকপ্ৰদ সাফল্য, আনন্দত উৎফুল্ল শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শৈক্ষিক সমাজ

মাজৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চমকপ্ৰদ সাফল্য, আনন্দত উৎফুল্ল শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শৈক্ষিক সমাজ

শ্ৰী প্ৰবোধ কুমাৰ দাস, দুৰ্নীতিৰ দৰ্পণ, চিৰাজুলী, ১৪ এপ্ৰিল: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঢেকীয়াজুলী শিক্ষাখন্দৰ অধীনস্থ মাজৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চমকপ্ৰদ সাফল্যই আনন্দৰ বতৰা কঢ়িয়াই আনিছে বৃহত্তৰ মাজৰৌমাৰী শৈক্ষিক মহলত৷ এই বেলি এই চৰকাৰী বিদ্যালয়খনে ৯৮.৬০ শতাংশ পৰীক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণ হৈছে৷ বিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৭১গৰাকীৰ পৰীক্ষাৰ্থী ভিতৰত উত্তীৰ্ণ হৈছে ৭০গৰাকী৷ ইয়াৰে৫৫ গৰাকী প্ৰথম বিভাগত, ১৫ গৰাকী দ্বিতীয় বিভাগ৷ আনহাতে আঠগৰাকীয়ে পাইছে ষ্টাৰ মাৰ্ক৷ চৰকাৰী বিদ্যালয়খনৰ এই সফলতাত শিক্ষক-শিক্ষয়েত্ৰী, শিক্ষাৰ্থী, অভিভাৱক লগতে বৃহত্তৰ মাজৰৌমাৰী অঞ্চলৰ ৰাইজে আনন্দত উৎফুল্ল হোৱা দেখা পোৱা গৈছে৷ এই সফলতাৰ আঁৰত শিক্ষাৰ্থীসকলৰ ঐকান্তিক প্ৰচেষ্টা লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ আন্তৰিক প্ৰয়াস নিহিত হৈ আছে বুলি অভিভাৱক সকলে মতপোষণ কৰে৷ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী শিক্ষাৰ্থীকে এখন ফুলাম গামোচাৰে অভিনন্দন জনায় উৎসাহিত কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular