35.1 C
New Delhi
Friday, April 17, 2026
spot_img
Homeঅসমউত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ কণ্ঠ শিল্পী দিপলীনা ডেকালৈ “ ভিতালী দাস সোঁৱৰণী...

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ কণ্ঠ শিল্পী দিপলীনা ডেকালৈ “ ভিতালী দাস সোঁৱৰণী বঁটা ঘোষণা

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ কণ্ঠ শিল্পী দিপলীনা ডেকালৈ “ ভিতালী দাস সোঁৱৰণী বঁটা ঘোষণা

পঙ্কজ, ষ্টাফ ৰিপৰ্টাৰ, ১৬ এপ্ৰিল: বিশ্বত্ৰাস ক’ভিডত আক্ৰান্ত হৈ অকালতে মৃত্যুবৰণ কৰা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰদান কৰি অহা “ভিতালী দাস সোঁৱৰণী বঁটা“ এইবেলি জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকাক প্ৰদান কৰা হ’ব৷ শিল্পী গৰাকীৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই উত্তৰ গুৱাহাটীৰ আগশাৰীৰ সংগীত শিক্ষানুষ্ঠান ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত অহা ২১ এপ্ৰিলত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষ পুৰ কলা পৰিষদ ভৱনত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী গৰাকীক উক্ত বঁটা প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে, প্ৰয়াত শিল্পী ভিতালী দাসৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰতিবছৰে একোগৰাকীকৈ শিল্পীক বঁটা প্ৰদান কৰি আহিছে৷ ইতিপূৰ্বে ভিতালী দাস সোঁৱৰণী বঁটাৰে সন্মানিত শিল্পী সকলৰ ভিতৰত আছে তৰালী শৰ্মা, জুবলী বৰুৱা, বিমান বৰুৱা আৰু নিৰ্মালি দাস৷ ভিতালী দাসৰ পঞ্চম মৃত্যু তিথি উপলক্ষে ২১ এপ্ৰিল দিনৰ ১০-৩০ বজাৰ পৰা আয়োজন কৰা শ্ৰদ্ধাঞ্জলি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আমাৰ অসম’ৰ কাৰ্যকৰী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট চিকিৎসক শিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰী আৰু আমাৰ অসম’ৰ সহ: সম্পাদক মণ্টু শইকীয়া৷ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সম্পাদক ৰূপক ডেকাই জানিব দিয়া মতে ভিতালী দাসৰ অগণন শুভাকাংক্ষী অনুৰোধ মৰ্মে এইবেলি শ্ৰদ্ধাঞ্জলি আৰু বঁটা প্ৰদান অনুষ্ঠানটো ভিতালী দাসৰ জন্ম ভূমি উত্তৰ গুৱাহাটীত আয়োজন কৰা হৈছে৷ ইয়াৰ পূৰ্বে যোৱা ৪ বছৰ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হৈছিল এই বঁটা প্ৰদান অনুষ্ঠান৷ উল্লেখ্য যে, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত তিনিমহীয়া আলোচনী “কলম“ ৰ সপ্তম বছৰ দ্বিতীয় সংখ্যাটি উক্ত অনুষ্ঠানতে উন্মোচন কৰা হ’ব বুলি সন্থাৰ বিষয়ববীয়া সকলে সদৰি কৰিছে৷

RELATED ARTICLES
Lucknow
haze
28 ° C
28 °
28 °
47 %
3.1kmh
83 %
Fri
41 °
Sat
44 °
Sun
45 °
Mon
44 °
Tue
44 °

Most Popular