31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমানকটা শতদল শাখা সাহিত্য সভাৰ নিজৰ দিন উদযাপন,,,নলিনী সোনোৱালক উলগনি পত্ৰ প্ৰদান,,,

মানকটা শতদল শাখা সাহিত্য সভাৰ নিজৰ দিন উদযাপন,,,নলিনী সোনোৱালক উলগনি পত্ৰ প্ৰদান,,,

মানকটা শতদল শাখা সাহিত্য সভাৰ নিজৰ দিন উদযাপন,,,নলিনী সোনোৱালক উলগনি পত্ৰ প্ৰদান,,,

দুৰ্নীতিৰ দৰ্পণ, প্ৰশান্ত শইকীয়া,ডিব্ৰুগড়,১৬ এপ্ৰিল: ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্যতম এখনি সক্ৰিয় শাখা মানকটা শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আজি অসম সাহিত্য সভাৰ নিৰ্দেশত পহিলা ব’হাগৰ দিনটোত নিজৰ দিন হিচাপে পালন কৰে। অসম সাহিত্য সভাৰ কাৰ্যসূচীৰ অংশ হিচাপে পালন কৰা এই ‘নিজৰ দিন’ উপলক্ষে সাহিত্য-সংস্কৃতি, শৈক্ষিক, সামাজিক ইত্যাদি ক্ষেত্রত সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা মানকটা অঞ্চলৰ জ্যেষ্ঠজনক সন্মান জনায়। পাৰস্পৰিক শ্ৰদ্ধা-ভক্তিৰ মাজেৰে মানুহৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম সাহিত্য সভাই পালন কৰি আহিছে এই কার্যসূচী। মানকটা শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়া, সম্পাদক নৱনীতা শ্যাম উৰঙীয়াৰ নেতৃত্বত সাহিত্য সভাৰ এটা প্রতিনিধি দলে- টেপৰ গাঁৱৰ সোণাৰুপথৰ নিবাসী নলিনী সোনোৱালক একোখনকৈ ওলগনি পত্ৰ,কিতাপৰ টোপোলা আৰু ফুলাম গামোচাৰে বিহুৰ ওলগ জনায়। সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত প্ৰতিনিধি দলটিত সহযোগ কৰে- অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নোমল চন্দ্ৰ গগৈ, অসম সাহিত্য সভাৰ “কুঁহি” আহ্বায়ক প্ৰশান্ত শইকীয়া, শাখাৰ প্ৰাক্তন সভাপতি অনিমা কোচঁ গগৈ, পোনা সোনোৱাল, তৰুণজ্যোতি ফুকন,ৰঞ্জু সোনোৱাল, নিজৰা সোনোৱাল গগৈ, উপ- সভাপতি পূৰ্ণকান্ত হাজৰিকাকে প্ৰমূখ্য কৰি জাতীয় জীৱনক সমৃদ্ধ কৰা নলিনী সোনোৱালৰ বাসগৃহত উপস্থিত হৈ উলগনি পত্ৰ প্ৰদান কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular