34 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমভোট গণনাক কেন্দ্ৰ কৰি হাইলাকান্দিত জোৰদাৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ উদ্যোগত বিস্তৃত প্ৰশিক্ষণ...

ভোট গণনাক কেন্দ্ৰ কৰি হাইলাকান্দিত জোৰদাৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ উদ্যোগত বিস্তৃত প্ৰশিক্ষণ স্বচ্ছতা নিশ্চিত কৰাৰ বাৰ্তা*

ভোট গণনাক কেন্দ্ৰ কৰি হাইলাকান্দিত জোৰদাৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ উদ্যোগত বিস্তৃত প্ৰশিক্ষণ স্বচ্ছতা নিশ্চিত কৰাৰ বাৰ্তা*

প্ৰীতম দাস হাইলাকান্দি, ২২ এপ্ৰিলঃ আসন্ন বিধানসভা নিৰ্বাচনৰ ভোট গণনাক আগবঢ়াই হাইলাকান্দি জিলাত প্ৰশাসনিক তৎপৰতা এতিয়া তুঙত। সুশৃঙ্খল, নিৰপেক্ষ আৰু স্বচ্ছ ভোট গণনা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ পৰা ধাৰাবাহিকভাৱে গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। সেই ধাৰাবাহিকতাৰ অংশ হিচাপেই আজি ২২ এপ্ৰিল তাৰিখে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰী অভিষেক জৈন (আইএএছ)য়ে (GEALA 2026) জিইএএলএ বিষয়ক এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। একে সময়তে তেওঁ আগন্তুক ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাক কেন্দ্ৰ কৰি আয়োজিত আন এটা প্ৰশিক্ষণ পৰ্বো স্থানীয়ভাৱে পৰ্যবেক্ষণ কৰে।জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীটো অতি সুসংগঠিত আৰু সুপৰিকল্পিত আছিল। এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ মাষ্টাৰ ট্ৰেইনাৰৰ নেতৃত্বত পৰিচালিত এই প্ৰশিক্ষণত নিৰ্বাচন প্ৰক্ৰিয়াৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহ লৈ বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ ভোট গণনাৰ সময়ত কেনেদৰে প্ৰতিটো ধাপ সঠিকভাৱে সম্পন্ন কৰিব লাগে কেনেদৰে সম্ভাৱ্য জটিল পৰিস্থিতি মোকাবিলা কৰিব লাগে আৰু কেনেদৰে আইনানুগ পদ্ধতি অনুসৰণ কৰি সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ কৰি ৰাখিব পাৰি এই বিষয়সমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণত উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলে অতি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁলোকে কেৱল তাত্ত্বিক দিশতে নহয়, বাস্তৱভিত্তিক পৰিস্থিতিৰ ওপৰতো প্ৰশিক্ষণ গ্ৰহণ কৰে, যাৰ ফলত তেওঁলোকৰ দায়িত্ব পালন অধিক আত্মবিশ্বাসেৰে কৰিব পাৰিব বুলি আশা কৰা হৈছে। গণনা প্ৰক্ৰিয়াত ব্যৱহৃত বিভিন্ন নিয়ম নীতি নিৰ্দেশনা আৰু প্ৰযুক্তিগত দিশসমূহ সম্পৰ্কেও তেওঁলোকক বিস্তৃত ধাৰণা প্ৰদান কৰা হয়।ইয়াৰ উপৰিও প্ৰশিক্ষণ চলাকালীন সময়ত নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত নিৰ্দেশনাসমূহ কঠোৰভাৱে অনুসৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাতে কোনো ধৰণৰ অনিয়ম বা বিভ্ৰান্তিৰ সুযোগ নাথাকে। জিলা নিৰ্বাচনী বিষয়া শ্ৰী অভিষেক জৈনে নিজেও প্ৰশিক্ষণ পৰ্ব পৰ্যবেক্ষণ কৰি সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় দিশ-নিৰ্দেশনা আগবঢ়ায় আৰু সমগ্ৰ প্ৰক্ৰিয়াটো নিখুঁতভাৱে সম্পন্ন কৰিবলৈ সকলোকে সজাগ আৰু দায়িত্বশীল হৈ থাকিবলৈ আহ্বান জনায়।প্ৰশাসনৰ এই পদক্ষেপে স্পষ্টকৈ প্ৰতিফলিত কৰে যে আসন্ন ভোট গণনাক কেন্দ্ৰ কৰি কোনো ধৰণৰ ত্ৰুটি বা বিশৃঙ্খলা পৰিহাৰ কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি গ্ৰহণত কোনো ধৰণৰ খামতি ৰখা হোৱা নাই। ইতিমধ্যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে সংশ্লিষ্ট কৰ্মচাৰীৰ দক্ষতা আৰু সক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে বুলি সংশ্লিষ্ট মহলে মত প্ৰকাশ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.3 ° C
32.3 °
32.3 °
57 %
2.2kmh
97 %
Sun
32 °
Mon
37 °
Tue
35 °
Wed
35 °
Thu
35 °

Most Popular