34.8 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবৰাহীবাৰী পুৰনি চাংমাই গাঁৱত মুকলি বিহু

বৰাহীবাৰী পুৰনি চাংমাই গাঁৱত মুকলি বিহু

বৰাহীবাৰী পুৰনি চাংমাই গাঁৱত মুকলি বিহু

দুৰ্নীতি দৰ্পণ আমগুৰি: ২০এপ্ৰিল:- শিৱসাগৰ জিলাৰ বৰাহীবাৰীত আজি পুৰণি চাংমাই গাঁওবাসীৰ আতিথ্যত পুৰনি চাংমাই খেলপথাৰত মুকলি বিহু অনুষ্ঠিত হয়। অনুষ্ঠানত বিহুৱান উত্তোলন কৰে গাঁৱৰ বয়োজ্যেষ্ঠ কৃষ্ণ বুঢ়াগোহাঁইয়ে। অনুষ্ঠানত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চিত্তৰঞ্জন বৰুৱা আৰু উদীত কোঁৱৰে। সেইদৰে নাহৰ পুলি ৰোপণ কৰে দিলীপ বৰুৱা আৰু জিটুল গগৈয়ে। দেৱজিৎ চেতিয়াই আঁত ধৰা অনুষ্ঠানত মুকলি বিহুৰ শুভ উদ্বোধন কৰে ৰাহুল চেতিয়াই। উদ্বোধনী ভাষণত চেতিয়াই পৰম্পৰাগত বিহু সংস্কৃতিৰ বিষয়ত তত্ত্ব গধুৰ বক্তব্য আগবঢ়ায়। কেইবাটাও আমন্ত্ৰিত চেমনীয়া হুচৰি দলৰ লগতে বিভিন্নজন একক শিল্পীয়ে বিহুনাচ আৰু গীত পৰিৱেশন কৰে।

RELATED ARTICLES
Lucknow
light rain
33.1 ° C
33.1 °
33.1 °
58 %
3.7kmh
96 %
Tue
32 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular