41.1 C
New Delhi
Friday, April 24, 2026
spot_img
Homeঅসমব্ৰহ্মপুত্ৰত চোৰাং ভাৱে মাছ ধৰি ৰঙা ঘৰলৈ গ'ল তিনি মাছ বেপাৰী

ব্ৰহ্মপুত্ৰত চোৰাং ভাৱে মাছ ধৰি ৰঙা ঘৰলৈ গ’ল তিনি মাছ বেপাৰী

ব্ৰহ্মপুত্ৰত চোৰাং ভাৱে মাছ ধৰি ৰঙা ঘৰলৈ গ’ল তিনি মাছ বেপাৰী

প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো মহাবাহ ব্ৰহ্মপুত্ৰ নৈত চোৰাং ভাবে মাছ ধৰাৰ অপৰাধত বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিটাকৈ চোৰাং মাছ বেপাৰীক। উল্লেখ্য যে
মাছে প্ৰজনন কৰা এই সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা আয়ুক্তই যোৱা ৩০ মাৰ্চত নদ নদীত মাছ মৰা বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল।কিন্তু জিলা আ্য়ুক্তৰ এই নিৰ্দেশক বুঢ়া-আঙুলি দেখুৱাই বিশ্বনাথৰে তিনিজন মাছ ব্যবসায়ী ক্ৰমে আজিজুল হক,আনোৱাৰ আলি আৰু নুৰ আলমে মহাবাহু ব্ৰহ্মপুত্ৰত নাওলৈ মাছ মাৰি বহিঃ জিলালৈ প্ৰেৰন কৰাৰ অভিযোগ উত্থান হৈছে।ইতিমধ্যে জিলা আৰক্ষীয়ে এই তিনিটা চোৰাং মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি ৮৪/২৬ গোচৰত BNS ৩(৫)/৬১(২)/২২৩/৩০৩(২) ধাৰাৰ অধীনত জেল হাজোতলৈ প্ৰেৰন কৰে। আনহাতে মাছ বেপাৰী কেইটাৰ পৰা দুখনকৈ জাল জব্দ কৰে আৰক্ষীয়ে।

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
3.1kmh
1 %
Fri
43 °
Sat
46 °
Sun
46 °
Mon
46 °
Tue
42 °

Most Popular