30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমায়ং ব্লকত সদৌ অসম ভিত্তিক বৰ বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগিতা 

মায়ং ব্লকত সদৌ অসম ভিত্তিক বৰ বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগিতা 

মায়ং ব্লকত সদৌ অসম ভিত্তিক বৰ বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগিতা 

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২১ এপ্ৰিলঃ জাগীৰোড সমজিলাৰ মায়ং ব্লকৰ সমীপৰ বিষ্ণুৰাভা বিহুতলীত বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত অহা ১২ ব’হাগ দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী বিহু উদ্ যাপনৰ আয়োজন কৰিছে। বিষ্ণুৰাভা সাংস্কৃতিক সংঘৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই কেন্দ্ৰীয় ৰঙালী বিহুত বিভিন্ন প্ৰতিযোগিতা আৰু খেল-ধেমালিৰ আয়োজন কৰিছে উদ্যোক্তা সকলে। এই উপলক্ষে উদ্ যাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহৰ লগতে নিয়মাৱলী সদৰি কৰিছে। সেই অনুসৰি বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত গংগা প্ৰসাদ শইকীয়া সোঁৱৰণী বঁটা আৰু নগদ ৫০ হাজাৰ এটকা, দ্বিতীয় পুৰস্কাৰ প্ৰয়াত ৰবীন্দ্ৰ নাথ বৰা সোঁৱৰণী বঁটা আৰু নগদ ৩০ হাজাৰ এটকা আৰু তৃতীয় পুৰস্কাৰ প্ৰয়াত চিকিৎসক ডাঃ গৌতম কুমাৰ ডেকা সোঁৱৰণী বঁটা আৰু নগদ ২০ হাজাৰ এটকা। আনহাতে সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত কেশৱ চন্দ্ৰ ডেকা সোঁৱৰণী বঁটা আৰু নগদ ১০ হাজাৰ এক টকা, দ্বিতীয় পুৰস্কাৰ প্ৰয়াত ললিতা বৰা সোঁৱৰণী বঁটা আৰু নগদ সাত হাজাৰ এক টকা আৰু তৃতীয় পুৰস্কাৰ প্ৰয়াত ভোগেশ্বৰ ডেকা সোঁৱৰণী বঁটা আৰু নগদ পাঁচ হাজাৰ এক টকা। আনহাতে বিহুদলসমূহত বিহুৱতীসহ ন ৰ পৰা দহ জন প্রতিযোগী, বিহু পৰিৱেশনৰ সময় বৰ বিহুৱতী ১২ মিনিট আৰু সৰু বিহুৱতী ১০ মিনিট, বৰ বিহুৱতী প্রতিযোগীৰ বয়স ১৩ বছৰৰ ওপৰত আৰু সৰু বিহুৱতী প্রতিযোগীৰ বয়স ১৩ বছৰৰ ওপৰত হ’ব নোৱাৰিব বুলি জানিবলৈ দিয়ে। বিহুৱতীৰ বয়সৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক। বিহুৱতীরে এফাঁকি হ’লেও বিহুগীত নিজে গাব লাগিব। বৰ বিহুৱতীৰ ভৰ্ত্তি মাচুল ১১শ ১১ টকা আৰু সৰু বিহুৱতীৰ ভৰ্ত্তি মাচুল পাঁচ শ এটকা। আগ্ৰহী দলসমূহক আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিহু প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰে উদ্যোক্তাসকলে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular