ডিমৌত বিশিষ্ট সাংবাদিক নিত্য বৰাক শ্ৰদ্ধাঞ্জলি: আপোচহীন সংবাদ সেৱাক সোঁৱৰণ
দুনীতিৰ দৰ্পণ , নেমূগুৰী , ২৬ এপ্ৰিল : বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা চিন্তাবিদ নিত্য বৰাৰ মৃত্যুত আজি ডিমৌত এক শোকাকুল পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। স্থানীয় সংবাদকৰ্মী আৰু সচেতন ৰাইজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰয়াত বৰাৰ কৰ্মময় জীৱন আৰু সমাজলৈ আগবঢ়োৱা অৱদানক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।
ডিমৌ প্ৰেছ ক্লাবৰ সভাপতি উমেশ চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও সন্মানীয় সংবাদকৰ্মী উপস্থিত থাকে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট প্ৰবন্ধকাৰ তথা ভূতত্ত্ববিদ ড০ বিজয় কৃষ্ণ চেতিয়াই নিত্য বৰাৰ বৌদ্ধিক ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, নিত্য বৰা কেৱল এজন সাংবাদিক নাছিল, তেওঁ আছিল এগৰাকী সমাজ সচেতন চিন্তাবিদ। তেওঁৰ আপোচহীন সংবাদ জীৱন আৰু জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব। উক্ত অনুষ্ঠানত উপস্থিত থকা আন কেইবাগৰাকীও ব্যক্তিয়ে প্ৰয়াত বৰাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ আদৰ্শৰে আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰে।
ডিমৌত বিশিষ্ট সাংবাদিক নিত্য বৰাক শ্ৰদ্ধাঞ্জলি: আপোচহীন সংবাদ সেৱাক সোঁৱৰণ
Lucknow
broken clouds
37.5
°
C
37.5
°
37.5
°
24 %
2.5kmh
53 %
Wed
41
°
Thu
44
°
Fri
44
°
Sat
46
°
Sun
45
°

