শিক্ষাবিদ মেহবুবুল হক আৰু প্ৰখ্যাত সাংবাদিক নিতুমনি শইকীয়াক বঁটা প্ৰদান
দূৰ্নীতিৰ দৰ্পণ সেৱা ডবকা:২৬ এপ্ৰিল, আৰিফ মজুমদাৰৰ ৰিপৰ্ট,
হোজাইৰ ঐতিহ্যমণ্ডিত নীলবাগান জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আজি হৈ যায়।আজি বিদ্যালয়খনৰ ২৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাক সোঁৱৰী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰূপালী জয়ন্তী উদযাপন সমাৰোহতপুৱা বিদ্যালয়ৰ অধ্যায়নৰত আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী সকলৰ সহযোগত ওলোৱা হয় এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা।তাৰ পাছতেপুৱা ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলনৰ পিছতে ৰূপালী জয়ন্তীৰ ২৫ খনকৈ পতাকা উত্তোলন কৰা হয়।এই উপলক্ষে বিদ্যালয় চৌহদত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।এই বিশেষ অনুষ্ঠানৰ মুকলি সভাত বিশেষ আকৰ্ষণ হিচাপে ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজী মেঘালয়ৰ আচাৰ্য মেহবুবুল হক, প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমণি শইকীয়া উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীক উদ্দেশ্য কৰি অনুপ্ৰেৰণামুলক ভাষণ দিয়ে৷লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক খচৰুল ইছলাম, লংকা কৃষ্ণবৰা বিএড কলেৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান, পিএমশ্ৰী নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভূঞা, হোজাই জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক অচ্যুত ঠাকুৰীয়া,ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° হাচিনুচ চুলতান উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷এই অনুষ্ঠানত বৃহত্তৰ নীলবাগান অঞ্চলৰ ভালেমান শিক্ষানুষ্ঠানৰ মুৰব্বীসকল উপস্থিত থাকি সৌন্দৰ্য বৃদ্ধি কৰি তোলে।এই আনুষ্ঠানত নীলবাগান অঞ্চলৰ ছয় গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।নীলবাগান জাতীয় বিদ্যালয়ৰ প্ৰায় ১০০ গৰাকীপ্ৰাক্তন শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক আৰু অভিভাৱক সকলকো জনোৱা হয় সম্বৰ্ধনা।বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লুতফুৰ ৰহমানৰ নামত লুতফুৰ ৰহমান স্মৰণীয় বঁটা প্ৰদান কৰা হয় মেহবুবুল হক, নিতুমণি শইকীয়া আৰু বিদ্যালয়ৰ অধ্যক্ষ আব্দুছ ছালাম তাফাদাৰক।বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে অনুষ্ঠানটিক অধিক স্মৰণীয় কৰি তোলে।তেওঁলোকে নিজৰ অভিজ্ঞতা ভাগ-বতৰা আৰু বিদ্যালয়ৰ সৈতে থকা নষ্টালজিক আবেগিক সম্পৰ্ক পুনৰ জীৱন্ত কৰি তোলে। ইয়াৰ উপৰিওঅনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বিদ্যালয়ৰ ২৫ বছৰৰ ইতিহাস আৰু সফলতাৰ এক চমৎকাৰ প্ৰদৰ্শনী। ইয়াত বিদ্যালয়ৰ শৈক্ষিক সাফল্য, ক্ৰীড়া কৃতিত্ব আৰু সামাজিক অৱদান সুন্দৰভাৱে উপস্থাপন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলে।আমন্ত্ৰিত অতিথি শিল্পীৰ দ্বাৰা গীতৰ সন্ধিয়াৰে গৌৰৱময় দিনটোৰ সফল পৰিসমাপ্তি ঘটে।