37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমনিট পৰীক্ষাক লৈ হাইলাকান্দীত পূৰ্ণাংগ প্ৰশাসনিক প্ৰস্তুতি

নিট পৰীক্ষাক লৈ হাইলাকান্দীত পূৰ্ণাংগ প্ৰশাসনিক প্ৰস্তুতি

নিট পৰীক্ষাক লৈ হাইলাকান্দীত পূৰ্ণাংগ প্ৰশাসনিক প্ৰস্তুতি
জিলা আয়ুক্ত অভিষেক জৈন আৰু এছএছপি অমিতাভ সিনহাৰ একাধিক পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কঠোৰ নিৰাপত্তা আৰু সুচাৰু পৰিৱেশ নিশ্চিত কৰাৰ নিৰ্দেশ

প্ৰীতম দাস হাইলাকান্দি ২৪ এপ্ৰিলঃ হাইলাকান্দি জিলাত আগন্তুক নিট (NEET) পৰীক্ষাক লৈ প্ৰশাসনিক তৎপৰতা এতিয়া তুঙ্গত। পৰীক্ষাটো সম্পূৰ্ণ স্বচ্ছ, সুচাৰু আৰু বিঘ্নমুক্ত পৰিৱেশত অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে একেলগে বিস্তৃত প্ৰস্তুতি গ্ৰহণ কৰিছে। এই পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত শ্ৰী অভিষেক জৈন (আইএএছ) আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী অমিতাভ সিনহা এপিএছ প্ৰস্তাৱিত পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ খুঁটিনাটি পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ অংশ হিচাপে তেওঁলোকে হাইলাকান্দিৰ এছ.এছ. কলেজ আৰু কাটলিছড়াৰ এছ.কে. ৰায় কলেজত উপস্থিত হৈ পৰীক্ষাৰ সামগ্ৰিক ব্যৱস্থা পৰিকাঠামো আৰু সেৱা-সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। পৰীক্ষাৰ্থীসকলৰ বহাৰ সুব্যৱস্থা কক্ষ বিন্যাস পৰ্যাপ্ত পোহৰ আৰু বতাহ চলাচল বিশুদ্ধ পানীৰ যোগান নিৰবিচ্ছিন্ন বিদ্যুৎ ব্যৱস্থা আৰু পৰিষ্কাৰ পরিচ্ছন্নতা ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ উপৰিও নিৰাপত্তা ব্যৱস্থাকো সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। কেন্দ্ৰসমূহত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন প্ৰৱেশ আৰু প্ৰস্থান নিয়ন্ত্ৰণ পৰীক্ষাৰ সময়ত শৃংখলা বজাই ৰখা আৰু যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। জিলা আয়ুক্ত অভিষেক জৈন আৰু এছএছপি অমিতাভ সিনহাই দায়িত্বপ্ৰাপ্ত বিষয়াসকলৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে আৰু সকলো ব্যৱস্থাৰ সুচাৰু ৰূপায়ণ নিশ্চিত কৰিবলৈ জোৰ দিয়ে।পৰিদৰ্শনৰ সময়ত তেওঁলোকে স্পষ্টকৈ কয় যে পৰীক্ষাৰ্থীসকলৰ মানসিক স্বস্তি বজাই ৰখা আৰু শান্তিপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাটো প্ৰশাসনৰ মুখ্য লক্ষ্য। কোনো ধৰণৰ বিশৃংখলা নকলচক্র বা অনিয়ম যাতে নহয় তাৰ বাবে কঠোৰ নজৰদাৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ দিনা যানবাহন চলাচল ট্রাফিক নিয়ন্ত্ৰণ আৰু কেন্দ্ৰসমূহৰ আশে-পাশে আইন শৃংখলা পৰিস্থিতি স্বাভাৱিক ৰাখিবলৈ আৰক্ষী বিভাগক বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।প্ৰশাসনৰ পৰা জনোৱা হৈছে যে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ সমন্বিত প্ৰচেষ্টাত নিট পৰীক্ষাক লৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অন্তিম পৰ্যায়ৰ প্ৰস্তুতিও দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা হৈছে। সামগ্ৰিকভাৱে হাইলাকান্দি জিলাত নিট পৰীক্ষা সুচাৰু আৰু বিঘ্নমুক্তভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসন সম্পূৰ্ণ সাজু বুলি এই পৰিদৰ্শনৰ জৰিয়তে স্পষ্ট হৈ পৰিছে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular