37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeআঞ্চলিকগৌৰীপুৰ শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন সভা আৰু বিদায় শুভেচ্ছা অনুষ্ঠান কাৰ্য্যসূচী পালন

গৌৰীপুৰ শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন সভা আৰু বিদায় শুভেচ্ছা অনুষ্ঠান কাৰ্য্যসূচী পালন

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ০২ মে ২৬ঃ- ধুবুৰী জিলাৰ ঐতিহ্য মণ্ডিত গৌৰীপুৰ চহৰত শংকৰদেৱ শিশু নিকেতনত আজি অভিনন্দন সভা আৰু বিদায় শুভেচ্ছা অনুষ্ঠান কাৰ্য্যসূচী পালন হয়।
এই সভাত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ,ছাত্ৰী সকলোক এখনি ফুলাম গামোচা শৰাই আৰু অভিধান প্ৰদান কৰি সম্বৰ্ধনা প্ৰদান কৰা হয়। অনুষ্ঠানটো আদৰণি গীতৰে আৰম্ভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা প্ৰদান কৰা হয়। আৰু তাৰ মাজেৰে সৈনিক তালি বা চাপৰিৰে বিদ্যালয়ৰ খনৰ চৌহদ জমজমাই উঠে। বিদ্যালয়খনৰ ডিষ্টিংচন আৰু ষ্টাৰ মাৰ্ক পোৱাৰ লগতে প্ৰথমস্থান আৰু দ্বিতীয়স্থান পোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায় বিদ্যালৰ আচাৰ্য্য আৰু আচাৰ্য্যা সকলে। এই বিদায় শুভেচ্ছা অনুষ্ঠানত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে কেইজনমান সমাজ সেৱক উপস্থিত থাকে। উপস্থিত থকা ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱক সকলোৰ সমুখতে বিদ্যালয়খনৰ প্ৰধান আৰ্চাযই নিজ বক্তব্য প্ৰদান কৰি বহু কথা কৈ উপস্থিত থকা অতিথি সকলোৰ চিনাকি পৰ্ব আৰম্ভ কৰে।
তাৰ পিছত অতিথি সকলে নিজ বক্তব্য নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলোৰ হিতাৰ্থে আগবঢ়ায়। আৰু সৰ্বশেষত সকলোৱে শান্তি মন্ত্ৰ পাঠ কৰাৰ পিছত সল্প আহাৰৰ বাবে ভোজন মন্ত্ৰ পাঠ কৰি সকলোৱে একেলগে সল্প আহাৰ গ্ৰহণ কৰে

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular