29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহাজোত নৃশংস হত্যাকাণ্ড: পাষাণ স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

হাজোত নৃশংস হত্যাকাণ্ড: পাষাণ স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

হাজোত নৃশংস হত্যাকাণ্ড: পাষাণ স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

দুৰ্নীতিৰ দৰ্পণ হাজো,৫ মে: কামৰূপ জিলাৰ হাজোত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ পৰিণতিত এগৰাকী পাষাণ স্বামীয়ে নিজ পত্নীক দাৰে উপৰ্যুপৰি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাজোৰ ২নং খোপনিকুছি জানৰপাৰত এই শিহৰণকাৰী ঘটনাটো সংঘটিত হয়। অভিযুক্ত মোজাম্মিল আলীয়ে তেওঁৰ দ্বিতীয়া পত্নী হাবিজা খাতুনক পুৱতি নিশা বিচনাত শুই থকা অৱস্থাতে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে। স্থানীয় সূত্ৰই জনোৱা মতে, দীৰ্ঘদিন ধৰি মোজাম্মিল আৰু হাবিজাৰ মাজত পাৰিবাৰিক কন্দল চলি আছিল। মোজাম্মিলে বিভিন্ন অজুহাতত পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলিও অভিযোগ উত্থাপন হৈছে। কালি নিশাৰ ভাগতো দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল। ইয়াৰ পিছতে পুৱতি নিশা মোজাম্মিলে ঘৰত থকা চোকা দাৰে পত্নীক আক্রমণ কৰে। ডিঙি কটা অৱস্থাত তেজেৰে লুতুৰি-পুতুৰি হৈ হাবিজা খাতুনৰ থিতাতে মৃত্যু ঘটে।এই ভয়ংকৰ কাণ্ডৰ সাক্ষী হৈ ৰ’ল দম্পতীটোৰ মাত্ৰ সাত বছৰীয়া পুত্ৰ সন্তান। শিশুটিৰ চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়া লৰি আহে যদিও তাৰ পূৰ্বেই হত্যাকাৰী স্বামী মোজাম্মিল আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় লোকে হাবিজাৰ মৃতদেহটো বিচনাত পৰি থকা প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।খবৰ পোৱা মাত্ৰকেই হাজো আৰক্ষী থানাৰ আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে পলাতক হত্যাকাৰী মোজাম্মিল আলীক কৰায়ত্ত কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে।এই ঘটনাই এতিয়া সমগ্ৰ খোপনিকুছি অঞ্চলতে শোকৰ ছাঁ পেলাইছে। এজন সাত বছৰীয়া শিশুৱে চকুৰ আগতে মাতৃৰ এনে কৰুণ মৃত্যু প্ৰত্যক্ষ কৰা ঘটনাই সচেতন মহলক মৰ্মাহত কৰি তুলিছে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular