সু-খ্যাতিৰে এমবিবিএছ উৰ্তীৰ্ণ হৈ হাজোৰ দেহৰকুৰিহালৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ আহমেদে
দুৰ্নীতিৰ দৰ্পণ হাজো, ৭মে’: কামৰূপ জিলাৰ হাজোৰ দেহৰকুৰিহা গাঁওখনৰ ইছলামুদ্দিন আহমেদ আৰু মঞ্জুৱাৰা বেগমৰ সন্তান ইফতিকাৰ আহমেদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালৰ পৰা সু-খ্যাতিৰে এমবিবিএছ উত্তীৰ্ণ হোৱাত পৰিয়ালৰ লগতে গাওঁবাসীৰ মাজত আনন্দ বিৰাজমান হৈছে৷ অধ্যয়নৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰে অসমৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা এমবিবিএছ পৰীক্ষাত ৬১ সংখ্যক স্থান লাভ কৰে৷ দেউতাক ইছলামুদ্দিন আহমেদে এসময়ত অটো চলাই পৰিয়াল পোহ-পাল দিছিল৷ ইফতিকাৰ আহমেদৰ এই সাফল্যই স্বাভাৱিকতেই পৰিয়ালৰ লগতে অঞ্চলবাসী গৌৰৱান্বিত৷ এমবিবিএছ পৰীক্ষাত উৰ্তীৰ্ণ হোৱা ইফতিকাৰ আহমেদে এগৰাকী সু-চিকিৎসক হৈ ৰাইজৰ সেৱা কৰাৰো অৱগত কৰে৷ আজৰি সময়ত খেল, কবিতা লিখি ভালপোৱা ইফতিকাৰ আহমেদে নিজৰ সপোন পুৰণ কৰিবলৈ সংকল্প লৈছিল আৰু আজি সাফল্যৰে সফলতা অৰ্জন কৰাত ঘৰখনলৈ আনন্দৰ বন্যা নামিছে৷

