31.9 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeঅসমবেছামাৰীত নৱ-নিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰক উষ্ম আদৰণি

বেছামাৰীত নৱ-নিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰক উষ্ম আদৰণি

বেছামাৰীত নৱ-নিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰক উষ্ম আদৰণি

লাহৰিঘাট,দুৰ্নীতিৰ দৰ্পণ,11এপ্ৰিল: ধিং বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক তথা ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰক আজি বেছামাৰী অঞ্চলত উষ্ম আদৰণি জনোৱা হয়। বেছামাৰী, লালিপথাৰ আৰু মৈৰাধ্বজ গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছ কমিটী আৰু ৰাইজৰ দলৰ আঞ্চলিক সমিতিৰ উদ্যোগত বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় এই সম্বৰ্ধনা তথা আদৰণি অনুষ্ঠান।সভাত সভাপতিত্ব কৰে আব্দুছ শ্বাহিদে। উদ্দেশ্য ব্যাখ্যা কৰে ইক্ৰামুল হুছেইনে আৰু আদৰণি পৰ্ব সঞ্চালনা কৰে শ্বহিদুল ইছলাম খানে। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি নৱ-নিৰ্বাচিত বিধায়কগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।নিজৰ ভাষণত মেহবুব মুক্তাৰে ধিং সমষ্টিৰ ৰাইজ, ভোটাৰ আৰু দলীয় কৰ্মীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, সমষ্টিৰ উন্নয়ন আৰু জনসাধাৰণৰ সমস্যা সমাধানক অগ্ৰাধিকাৰ দিয়া হ’ব। বিশেষকৈ যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে তেওঁ।ইয়াৰ উপৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, সাংবাদিকতাৰ জগতৰ পৰা ৰাজনীতিলৈ অহা ব্যক্তি হিচাপে অসমৰ সাংবাদিকসকলৰ সমস্যাসমূহ বিধানসভাত সৱলভাৱে উত্থাপন কৰাৰ চেষ্টা কৰিব।উল্লেখ্য যে, সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত মেহবুব মুক্তাৰে ৭১,৪৯৪টা ভোটৰ বিশাল ব্যৱধানত বিজয় লাভ কৰিছিল।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular