36.9 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমসমাধান সমাৰোহ ২০২৬ উপলক্ষে বিশেষ লোক আদালত

সমাধান সমাৰোহ ২০২৬ উপলক্ষে বিশেষ লোক আদালত

দুৰ্নীতিৰ দৰ্পণ , দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰতিনিধি মকিবুৰ ৰহমান মণ্ডলৰ প্ৰতিবেদন ১০ মে’ : সমাধান সমাৰোহ ২০২৬” উপলক্ষে বিশেষ লোক আদালত অনুষ্ঠিত হ’ব ভাৰতৰ উচ্চতম ন্যায়ালয়, দিল্লীত।সাধাৰণ জনসাধাৰণক দ্ৰুত, সহজ আৰু অংশগ্ৰহণ মূলক ন্যায় প্ৰদানৰ উদ্দেশ্যে “সমাধান সমাৰোহ ২০২৬” শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰা হ’ব অহা ২১, ২২ আৰু ২৩ আগষ্ট, ২০২৬ তাৰিখত। এই বিশেষ লোক আদালতৰ মূল লক্ষ্য হৈছে অমীমাংসিত গোচৰ সমূহৰ সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তি, মিমাংসাৰ ভিত্তিত বিবাদ সমাধান আৰু কম সময়ত কার্যক্ষম ন্যায় প্ৰদান কৰা।আয়োজক পক্ষৰ ফালৰ পৰা জনোৱা মতে, এই বিশেষ লোক আদালতত আৰ্থিকভাৱে দুৰ্বল, পিছপৰা আৰু বিভিন্ন বিবাদত জড়িত লোকসকল অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীয়ে সশৰীৰে অথবা অনলাইন মাধ্যমেৰেও অংশ ল’ব পাৰিব।ইচ্ছুক আবেদনকাৰীসকলে নিৰ্দিষ্ট Official Google Form পূৰণ কৰি আবেদন দাখিল কৰিব লাগিব। Google Form দক্ষিণ শালমাৰা-মানকাচৰ জিলা ন্যায়ালয়ৰ Official Website-ত উপলব্ধ কৰা হৈছে। আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৩১ মে’, ২০২৬ নিৰ্ধাৰণ কৰা হৈছে।এই সন্দৰ্ভত অধিক তথ্য অথবা সহায়ৰ বাবে “One Stop Centre (War Room)”ৰ যোগাযোগ নম্বৰ ০১১-২৩১১২৪২৮ আৰু ০১১-২৩১১২৫২৮-ত যোগাযোগ কৰিব পাৰিব। লগতে Office of the District Legal Services Authority, South Salmara Mankachar-ৰ যোগাযোগ নম্বৰ ৮৪৭২৮৬৩৭৯২ অথবা ই-মেইল southsalmara.dlsa@gmail.com-তো যোগাযোগ কৰিব পাৰিব।জিলা আইনী সেৱা প্ৰাধিকৰণ, দক্ষিণ শালমাৰা-মানকাচৰ ফালৰ পৰা অধিক সংখ্যক লোকক এই বিশেষ লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে

RELATED ARTICLES
Lucknow
overcast clouds
33.2 ° C
33.2 °
33.2 °
56 %
1.2kmh
100 %
Mon
34 °
Tue
36 °
Wed
37 °
Thu
35 °
Fri
34 °

Most Popular