29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নলবাৰীৰ প্ৰভাৱশালী বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীক বিশেষ...

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নলবাৰীৰ প্ৰভাৱশালী বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীক বিশেষ মন্ত্ৰী পদ দিয়াৰ দাবী

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নলবাৰীৰ প্ৰভাৱশালী বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীক বিশেষ মন্ত্ৰী পদ দিয়াৰ দাবী

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১২ মে’: প্ৰাক্তন মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে শেহতীয়াকৈ গঠিত টিহু বিধানসভা সমষ্টিৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অবতীৰ্ণ হৈ কংগ্ৰেছ প্ৰাৰ্থী ৰতুল পাটোৱাৰীক ২৬৪৯৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত এইবাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰীসভাত তেখেতক এক বিশেষ মন্ত্ৰীৰ পদ প্ৰদানৰ বাবে টিহু সমষ্টিৰ ৰাইজৰ লগতে কিছু সংগঠনে দাবী উত্থাপন কৰিছে৷ নলবাৰী জিলাৰ ৰাজনীতিত গভীৰলৈ শিপা থকা চন্দ্ৰমোহন পাটোৱাৰীয়ে শেহতীয়া বিধানসভা নিৰ্বাচনত তেওঁৰ শক্তিশালী সাংগঠনিক ক্ষমতা দেখুৱাই কংগ্ৰেছৰ যুৱ নেতা ৰাতুল পাটোৱাৰীক পৰাস্ত কৰিছিল৷ বিজেপিৰ বুথ পৰ্যায়লৈকে সক্ৰিয় কৰ্মী হিচাপে পৰিচিত পাটোৱাৰীক প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰত তেওঁক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিবলৈ অঞ্চলটোৰ কিছু সংগঠন দাবী জনাইছে৷ নলবাৰীত শেহতীয়াকৈ গঠন হোৱা এটা প্ৰধান বিধানসভা সমষ্টি টিহু বিধানসভা সমষ্টিৰ জনসাধাৰণে স্পষ্টকৈ কৈছে যে চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে নিষ্ঠাৱান নেতাক বিশেষ মন্ত্ৰীৰ পদ দিয়াটো কেৱল নলবাৰীৰ বিকাশৰ বাবেই নহয়, বিজেপি মিত্ৰজোঁটৰ শক্তিও নিশ্চিত কৰিব৷ “পাটোৱাৰীয়ে নিৰ্বাচনত তেওঁৰ কঠোৰ পৰিশ্ৰমেৰে নলবাৰীত বিজেপিক এক শক্তিশালী ভেটি প্ৰদান কৰিছে৷ এতিয়া তেওঁক ডঃ হিমন্তবিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান দি তেওঁৰ সম্ভাৱনীয়তা ব্যৱহাৰ কৰা উচিত৷ “এই দাবীক সমৰ্থন কৰি নলবাৰী জিলাৰ বিভিন্ন সংগঠনেও ঐক্যবদ্ধভাৱে মাত মাতিছে৷ ৰাজনৈতিক বিশ্লেষকসকলে বিশ্বাস কৰে যে পাটোৱাৰীৰ মন্ত্ৰী পদে নলবাৰীত বিজেপিৰ আধিপত্য আৰু অধিক শক্তিশালী কৰিব, বিশেষকৈ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি৷ আজি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ আলোচনা পূৰ্ণগতিত চলি আছে৷ এনে পৰিস্থিতিত, টিহু বিধানসভা সমষ্টিবাসীৰ আৰু কিছু সংগঠনৰ এই দাবী বিজেপি নেতৃত্বৰ বাবে এক গুৰুত্বপূৰ্ণ সংকেত৷ চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজেই কৈছিল, “মোৰ লক্ষ্য হৈছে নলবাৰীৰ সৰ্বাংগীণ উন্নয়ন৷ যদি মই সুযোগ পাওঁ, মই সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিম৷ “এই দাবীয়ে নলবাৰীৰ ৰাজনীতিত এক নতুন পাক আনিব পাৰে, য’ত বিজেপি মিত্ৰজোঁটে নিজৰ দখল শক্তিশালী কৰিবলৈ স্থানীয় নেতাসকলক অগ্ৰাধিকাৰ দি আহিছে৷

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular