31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমঐতিহাসিক চৰাইদেউত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুর্বা ঘোষক ব্রহ্মপুত্র উপত্যকা সাংবাদিকতা...

ঐতিহাসিক চৰাইদেউত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুর্বা ঘোষক ব্রহ্মপুত্র উপত্যকা সাংবাদিকতা বঁটা প্রদান

ঐতিহাসিক চৰাইদেউত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুর্বা ঘোষক ব্রহ্মপুত্র উপত্যকা সাংবাদিকতা বঁটা প্রদান

১০ মে’ত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ১২ তম প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা চৰাইদেউ ১২ মে , যোৱা ১০ মে তাৰিখে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত ১২ তম অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠা দিৱসত নগাঁও , গুৱাহাটী, বোকাখাত, হোজাই, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, মৰিগাঁও, কাৰ্বিআংলং, দৰং,বাক্সা ,ওডালগুৰি ,জোনাই , তিনিচুকীয়া , লক্ষীমপুৰ,হাজো গোলাঘাট , চৰাইদেউ জিলা আদি কৰি জিলা অসমৰ আটাই কেইখন জিলাৰ সাংবাদিক উপস্থিত থাকে।ভাৰত বৰ্ষৰ পূব প্ৰান্তত অৱস্থিত অসম ৰাজ্যৰ সাংবাদিক সকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ সেৱাত ব্ৰতী থাকি বিভিন্ন জটিল সমস্যাৰ সন্মুখীন হৈ সংবাদ পৰিৱেশন কৰি আহিছে। অসমৰ সমাজ তথা জাতীয় জীৱনৰ স্বাৰ্থত নিৰ্ভিক ভাবে জনগণৰ পক্ষত অৱস্থান গ্ৰহণ কৰি কলমৰ শোণিতেৰে জনতাক সজাগ সচেতন কৰি কলম চলোৱাৰ বাবেই কমলা শইকীয়া, পৰাগ কুমাৰ দাসৰ লগতে বহু সাংবাদিকে নিজৰ জীৱন বলিদান দিব লগা হৈছে।ভাৰতবৰ্ষৰ দৰে বৈচিত্র্যময় দেশখনৰ বহুত্ববাদী চৰিত্ৰ ৰক্ষা কৰিবলৈ হ’লে গণতন্ত্র শক্তিশালী হ’ব লাগিব আৰু এই ক্ষেত্রত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে বাক্ স্বাধীনতাক সঠিক ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজন আছে। যোৱা ১০ মে’ত অসম ৰাজ্যিক সাংবাদিক সন্থা চমুকৈ (ASJU) ৰ দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সমীপৱৰ্তী চৰাইদেউ পৰ্যটন ভৱনত অনুষ্ঠিত হোৱা ”বৰ্তমান সময়ৰ সাংবাদিকতা আৰু প্ৰত্যাহ্বান” শীর্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক,স্তম্ভ লেখক তথা নিবন্ধকাৰ লু – চ্যূন শ্যাম গোহাঁয়ে প্ৰদান কৰে।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসত অসম ৰাজ্যিক সাংবাদিক সন্থাই এই বৰ্ষৰ “ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা” পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুর্বা ঘোষক প্রদান কৰে। এই বঁটাত আছে নগদ বিছ হাজাৰ টকাৰ লগতে প্রশংসা-পত্র, এটা স্মাৰক, গামোচা, অংগবস্ত্ৰ আৰু এটা জাপি। বঁটা গ্রহণ কৰি দিয়া চমু ভাষণত সাংবাদিকগৰাকীয়ে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত এই সন্মান গ্রহণ কৰিবলৈ পোৱাটো জীৱনৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব বুলি মন্তব্য কৰে।
বঁটা প্রাপকগৰাকীয়ে বৰ্তমান সময়ৰ সাংবাদিকতাৰ অন্যতম প্রত্যাহান কৃত্রিম বুদ্ধিমত্তাৰ বিষয়েও সাংবাদিকসকলে সঠিক জ্ঞান আহৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সন্থাৰ পতাকা উত্তোলনেৰে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পাতনি মেলাৰ পাছতে স্মৃতি তৰ্পণ কৰে সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাতুল বৰাই। ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰ আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ উপদেষ্টা আলিম আহমেদে।
ইয়াৰ পাছতে অনুষ্ঠিত হোৱা বিশেষ সম্বর্ধনা আৰু বঁটা প্রদান অনুষ্ঠানটো উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপিকা মনোৰমা বৰগোহাঁয়ে। উক্ত অনুষ্ঠানতে চৰাইদেউ জিলাৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা তিনিগৰাকী ব্যক্তি ক্ৰমে সোণাৰি নগৰৰ অৱসৰী শিক্ষয়িত্ৰী তথা প্রয়াত সাংবাদিক গদাধৰ চুতীয়াৰ সহধর্মিণী কাঞ্চন চুতীয়া, বৰহাটৰ নীৰৱ সাংস্কৃতিক কর্মী দ্বিজেন গগৈ আৰু এসময়ৰ “দ্যা আসাম ত্ৰিবিউন”ৰ সাংবাদিক তথা আইনজীৱী মহেশ গদুকাক জিলা সমিতিয়ে বিশেষভাৱে সম্বর্ধনা জনায়। উক্ত অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা ডেৰ শতাধিক সাংবাদিক প্রতিনিধিয়ে অংশগ্রহণ কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকসকলক চৰাইদেউ জিলা সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰোৱায়। ইফালে অনুষ্ঠানটো সফল সমাপ্তিৰ বাবে চৰাইদেউ জিলা সাংবাদিক সন্থা আৰু চৰাইদেউ প্ৰেছ ক্লাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular