29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমপ্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ বাবে মনোনীত হ'ল নতুন আচাৰ্য আৰু নতুন উপাচাৰ্য

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ বাবে মনোনীত হ’ল নতুন আচাৰ্য আৰু নতুন উপাচাৰ্য

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ বাবে মনোনীত হ’ল নতুন আচাৰ্য আৰু নতুন উপাচাৰ্য

পঙ্কজ নাথ ষ্টাফ ৰিপৰ্টাৰ , ১৩ মে’ : মহানগৰীৰ চন্দ্ৰপুৰস্থিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে সফলতাৰে তিনিটা শৈক্ষিক বৰ্ষ সম্পূৰ্ণ কৰিলে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ আচাৰ্য আৰু উপাচাৰ্যৰ তিনিবছৰীয়া কাৰ্যকালৰ সমাপ্তি হোৱাত, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক বিশ্ববিদ্যালয়খনৰ নতুন আচাৰ্য হিচাপে মনোনীত কৰা হৈছে। একেদৰে, পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য তথা দেশৰ আগশাৰীৰ শিক্ষাবিদ অধ্যাপক ৰাঘৱেন্দ্ৰ পি তিৱাৰীক পৰৱৰ্তী কাৰ্যকালৰ বাবে উপাচাৰ্য হিচাপে মনোনীত কৰা হৈছে। বুধবাৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ ‘সমুৎকৰ্ষ ভৱন’ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ইয়াৰ প্ৰতিষ্ঠাপক সংগঠন শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থা (SERF)-ৰ উদ্যোগত নৱ-মনোনীত আচাৰ্য আৰু উপাচাৰ্যদ্বয়ক আদৰণি জনোৱাৰ উদ্দেশ্যে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ‘এছইআৰএফ’ৰ সম্পাদক অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যই আঁত ধৰা এই অনুষ্ঠানত নতুন আচাৰ্য-উপাচাৰ্যৰ লগতে বিদায়ী আচাৰ্য অধ্যাপক প্ৰদীপ কুমাৰ যোশী আৰু বিদায়ী উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিনহাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। আদৰণি ভাষণত অধ্যাপক স্মৃতি কুমাৰ সিনহাই বিশ্ববিদ্যালয়খনৰ প্ৰথম তিনিটা শৈক্ষিক বৰ্ষৰ খতিয়ান দাঙি ধৰে। নৱ-মনোনীত উপাচাৰ্য অধ্যাপক ৰাঘৱেন্দ্ৰ পি তিৱাৰীয়ে তেওঁৰ ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে থকা ব্যক্তিগত কৰ্মজীৱনৰ সম্পৰ্কৰ কথা স্মৰণ কৰে। তেওঁ ভাৰতীয় প্ৰমূল্যবোধেৰে সমৃদ্ধ এক উচ্চ শিক্ষাৰ বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।
নতুন আচাৰ্য লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই শিক্ষাৰ বিভিন্ন দিশৰ লগতে ‘অন্তৰ্ভুক্তিমূলক শিক্ষা’ (Inclusive Education)-ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। বিদায়ী আচাৰ্য অধ্যাপক প্ৰদীপ কুমাৰ যোশীয়েও তেওঁৰ তিনিবছৰীয়া কাৰ্যকালৰ অভিজ্ঞতা ব্যক্ত কৰে। শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাৰ অধ্যক্ষ গংগা প্ৰসাদ প্ৰসেইনে অনুষ্ঠানত সামৰণি ভাষণ প্ৰদান কৰে আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক যোগেশ কাকতিয়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানৰ শেষত শিক্ষার্থীসকলে এটি সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ অখিল ভাৰতীয় সংগঠন মন্ত্ৰী কে এন ৰঘুনন্দন, পদ্মশ্ৰী অজয় দত্ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপজ্যোতি ৰাজখোৱা, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী পৱন তিৱাৰী আৰু সম্পাদক জগদীন্দ্ৰ ৰায় চৌধুৰী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি তথা বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular