37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমবৰক্ষেত্ৰীৰ বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰীত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান

বৰক্ষেত্ৰীৰ বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰীত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান

বৰক্ষেত্ৰীৰ বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰীত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান

গীত, কথা-কবিতাৰে জীপাল নৱাগত আদৰণি সভা ৷

অহৰ্নিশ কষ্ট আৰু সাধনাত প্ৰাপ্তি লুকাই থাকে- আব্দুল মতিন চৌধুৰী

মুকালমুৱাৰ পৰা সুৰজিত পাঠক ১৫ মে’: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্টাৰীস্থিত বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰী স্কুলত আজি কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা আৰু নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায় ৷ সেই উপলক্ষে বিদ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচী ৷ কাৰ্যসূচীৰ আৰম্ভনিতেই হায়াৰ ছেকেণ্ডাৰীৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক মাংগলিক পৰ্ব আৰু একোটাকৈ কলম উপহাৰ প্ৰদান কৰি আদৰণি জনায় ৷ নৱাগত আদৰণি সভাৰ মুকলি চৰাত নৱাগতসকলৰ গীত, কথা-কবিতা, নৃত্য আৰু ৰসাল তথা হাস্যমধুৰ কথা-বতৰাত জীপাল হৈ পৰে শিক্ষানুষ্ঠানখন ৷ নৱাগত আদৰণি সভা পৰিচালনা কৰে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী ক্ৰমে মৃদুল মেধি, জয়শ্ৰী মধি, ধুনু মেধি, শিক্ষক মৃদুল ডেকা, শিক্ষয়িত্ৰী ক্ৰমে পিংকী স্বৰ্গমহিলা, উৎপলা বৈশ্য আৰু মিচুমনি বৰাই ৷ ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা ৷ শিক্ষানুষ্ঠানৰ উপাধ্যক্ষ উদয় বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নলবাৰীৰ ধমধমাস্থিত লুইত একাডেমীৰ অধ্যক্ষ কিশোৰ কুমাৰ ডেকাই ৷ তেখেতে ভাষণ প্ৰদান কৰি ছাত্ৰীসকলক লক্ষ্যৰ পৰা বিচলিত নহ’বলৈ আহ্বান জনায় ৷ হায়াৰ ছেকেণ্ডাৰীৰ বিষয় শিক্ষক মৃদুল ডেকাই আঁত ধৰা মুকলি সভাৰ আৰম্ভনিতেই শিক্ষানুষ্ঠানৰ দশম শ্ৰেণীৰ ছাত্ৰী চয়নিকা কৈৱৰ্ত্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰোচিত বৰগীত পৰিৱেশ কৰে ৷ বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ অমৰজ্যোতি বৰ্মনে মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ’ব পৰাকৈ মূল্যবান বক্তব্য প্ৰদান কৰে ৷ অমৰজ্যোতি বৰ্মনে ভাষণ প্ৰসংগত “দায়িত্ব বুজি পোৱা ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত বাধাৰ সৃষ্টি নহয়” বুলি কয় ৷ অধ্যক্ষ অমৰজ্যোতি বৰ্মনে পুনৰ কয় যে- “কষ্ট অবিহনে ভাল ফলাফল লাভ কৰিব নোৱাৰি, সেয়ে ছাত্ৰ-ছাত্ৰীসকলে প্ৰচুৰ অধ্যায়ন কৰিব লাগিব ৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ ব্যক্তব্য প্ৰদান কৰে মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক আব্দুল মতিন চৌধুৰীয়ে ৷ ভাষণ প্ৰসংগত চৌধুৰীয়ে কয় যে- কষ্ট আৰু চেষ্টাৰ অবহিনে একো ফল লাভ কৰিব পৰা নাযায় ৷ অহৰ্নিশ কষ্ট আৰু সাধনাত প্ৰাপ্তি লুকাই থাকে ৷ সময়ৰ সৎ ব্যৱহাৰ কৰিলে কৃতকাৰ্য নিশ্চিত বুলিও কয় আব্দুল মতিন চৌধুৰীয়ে ৷ শিক্ষাৰ্থীসকলক মূল পথৰ পৰা বিচলিত নহ’বলৈ আহ্বান জনাই সঠিক পথেৰে আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ আব্দুল মতিন চৌধুৰীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে- তোমালোক আমাৰ সম্পদ ৷ সম্পদৰ অপচয় হোৱাটো আমি নিবিাৰোঁ, সম্পদসকল ঠন ধৰি উঠিব লাগিব, এই সময় পাখিলগা সময়। সময়ক অপব্যৱহাৰ নকৰিবলৈও আহ্বান জনায় আব্দুল মতিন চৌধুৰীয়ে ৷ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চৌধুৰীয়ে বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰ বুজি অধ্যায়ন কৰিবলৈও আহ্বান জনায় ৷ মুকলি সভাতেই শিক্ষানুষ্ঠানখনৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ কৃতী শিক্ষাৰ্থীসকলক গামোচা আৰু মানপত্ৰৰে অভিনন্দন জনোৱাৰ লগতে কৃতী শিক্ষাৰ্থীসকলকৰ অভিভাৱক সকলকো সম্বৰ্ধনা জনায় ৷ তদুপৰি অসম জাতীয় বিদ্যালয়ে নলবাৰী জিলা ভিত্তিত অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত বোধিদ্ৰুম জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰিম্পী হালৈ স্থান লাভ কৰিবলৈ সক্ষম হোৱাত ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনায় ৷ সমান্তৰালকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষানুষ্ঠানৰ পৰা যি সমূহ বিষয়ত শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সেইসমূহ বিষয়ৰ শিক্ষক সকলকো মুকলি সভাতেই অভিনন্দন জনায় ৷ মুকলি সভাত শিক্ষানুষ্ঠানখনৰ ছাত্ৰী জয়শ্ৰী গোস্বামীয়ে কবিতা পাঠ, চয়নিকা কৈৱৰ্ত, ৰাজপ্ৰীতম তালুকদাৰে সংগীত পৰিৱেশন কৰে ৷ অভিলাষা ডেকা আৰু চন্দ্ৰামিতা বৈশ্যই মুকলি সভাতেই নৃত্য পৰিৱেশন কৰে ৷ মুকলি সভাত সভাপতিৰ ভাষণত উদয় বৰ্মনে “বিফলতা অনুধাৱন কৰিব পাৰিলেহে জীৱন সাৰ্থক হয়” বুলি মন্তব্য কৰে ৷ মুকলি সভাত বোধিদ্ৰুম হায়াৰ ছেকেণ্ডাৰীৰ সঞ্চালক ভূৱন বৰ্মন, হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ অমৰজ্যোতি বৰ্মন, জ্যেষ্ঠ শিক্ষক মকছেদুল ইছলাম, অনিৰুদ্ধ বৰ্মন, হায়াৰ ছেকেণ্ডাৰীৰ সমন্বয়ক চামচুদ্দিন আহমেদকে প্ৰমুখ্য কৰি ভালেকেইজন বিদ্যানুৰাগী ব্যক্তি উপস্থিত থাকে ৷

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular