37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমৰামদিয়া-মিলপাৰা সংযোগী পথৰ কদৰ্য্যময় অবস্থা , পথৰ মাজৰ একাঠু বোকা-পানী গছকি ৰাইজৰ...

ৰামদিয়া-মিলপাৰা সংযোগী পথৰ কদৰ্য্যময় অবস্থা , পথৰ মাজৰ একাঠু বোকা-পানী গছকি ৰাইজৰ যাতায়ত

ৰামদিয়া-মিলপাৰা সংযোগী পথৰ কদৰ্য্যময় অবস্থা , পথৰ মাজৰ একাঠু বোকা-পানী গছকি ৰাইজৰ যাতায়ত

দুৰ্নীতিৰ দৰ্পণ হাজো,১৫ মে’: হাজো -শুৱালকুছি বিধানসভা সমষ্টিৰ ৰামদিয়া-মিলপাৰা সংযোগী সদাব্যস্ত পথছোৱাৰ জৰাজীৰ্ণ অবস্থাৰ ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মিলপাৰাৰ ব্যবসায়ীক প্ৰাণকেন্দ্ৰ লগতে একাধিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰী নিতৌ অহা যোৱা কৰি অহা সদাব্যস্ত মুল পথৰ দুৰৱস্থাৰ ফলত অঞ্চলৰ ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে। দুবাৰকৈ বিধায়িকা হোৱাৰ পিছতো মিলপাৰাৰ চকৰ সমীপৰ পথছোৱাৰ মেৰামতি কৰাৰ ব্যবস্থা গ্ৰহণ নকৰিলে সুমন হৰিপ্ৰিয়াই। মিলপাৰাৰ এই সদাব্যস্ত পথছোৱা জহি-খহি বিধ্বস্ত হৈ পৰাৰ ফলত স্কুলীয়া ছাত্র-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে অহা-যোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সম্মুখীন হৈছে। ইফালে ৰাইজৰ অভিযোগ অনুসৰি ৰামদিয়া-মিলপাৰা সংযোগী পথেৰে নিতৌ টেক্টৰ,বৃহৎ আকাৰৰ গধুৰ মালবাহী ট্ৰাকৰ চলাচলৰ ফলতে পথছোৱা একেবাৰে জহি-খহি উৱলি গৈছে। ৰামদিয়া-মিলপাৰা সংযোগী পথৰ মিলপাৰা চকত একাঠু পানী জমা হোৱাৰ ফলত বোকা-পানী গছকি নিতৌ যাতায়ত কৰিব লগীয়া হোৱাত সৰ্বসাধাৰণ লোক সকল ভীষণ সমস্যাত পৰিছে। আনহাতে পথছোৱাৰ দুয়োকাষে নিৰ্মাণ কৰা ড্ৰেইন বিজ্ঞান সম্মত উপযুক্ত ভাবে নিৰ্মাণ নকৰাৰ ফলত এজাক বৰষুণতে পথত পানী জমা হৈ পৰে। সেয়েহে বিধায়িকা সুমন হৰিপ্ৰিয়াই পথছোৱাৰ উন্নয়নৰ ব্যবস্থা নকৰাত অচিৰেই পথছোৱাৰ মেৰামতিৰ ব্যবস্থা কৰিবলৈ হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ ওচৰত ৰাইজে দাবী জনাইছে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular