37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমগোসাঁইগাঁৱত আদিবাসী জনগোষ্ঠীৰ ৩০ সংখ্যক কলা দিৱস পালন

গোসাঁইগাঁৱত আদিবাসী জনগোষ্ঠীৰ ৩০ সংখ্যক কলা দিৱস পালন

গোসাঁইগাঁৱত আদিবাসী জনগোষ্ঠীৰ ৩০ সংখ্যক কলা দিৱস পালন

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ১৫ মে : ১৯৯৬ চনৰ বড়ো-আদিবাসী গোষ্ঠী সংঘৰ্ষত নৃশংসতাৰ বলি হোৱা লোকসকলক স্মৰণ কৰি আজি গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত ৩০ সংখ্যক আদিবাসী কলা দিৱস পালন কৰা হয়। সত্যপুৰ, গোমনা আৰু কচুগাঁও আদি অঞ্চলত শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।প্ৰতিবছৰে ১৫ মে তাৰিখে আদিবাসী জনগোষ্ঠীয়ে এই দিনটো কলা দিৱস হিচাপে পালন কৰি আহিছে। সেই অনুসৰি এইবেলিও সত্যপুৰ এম ই স্কুল খেলপথাৰত অনুষ্ঠিত কাৰ্য্যসূচীত পুৱা কলা পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰি নিহতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।উল্লেখ্য যে, ১৯৯৬ চনত বড়ো আৰু আদিবাসী জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষই নামনি অসমৰ বঙাইগাঁও, কোকৰাঝাৰ, অবিভক্ত গোৱালপাৰা আৰু ধুবুৰী জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ১৫ মে তাৰিখে সংঘটিত সেই নৃশংস ঘটনাত বহু নিৰীহ শিশু, মহিলা আৰু পুৰুষক হত্যা কৰা হৈছিল।সেই ঘটনাত নিহত লোকসকলক আদিবাসী জনগোষ্ঠীয়ে শ্বহীদ হিচাপে স্বীকৃতি দি প্ৰতিবছৰে শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। আজিৰ অনুষ্ঠানতো স্থানীয় ৰাইজ, সমাজকৰ্মী তথা বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকলে উপস্থিত থাকি শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular