30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমগোসাঁইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন: নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

গোসাঁইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন: নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

গোসাঁইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন: নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ১৭ মে’: অসম সাহিত্য সভাৰ অন্তৰ্গত কোকৰাঝাৰ জিলা সাহিত্য সভাৰ অধীনস্থ গোসাঁইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতি খনৰ দুই বছৰীয়া কাৰ্যকাল অন্ত পৰাত সমিতিখন ভংগ কৰি আজি এখন নতুন সমিতি গঠন কৰা হয়। এই উপলক্ষে স্থানীয় কমল নাথ ক্লাৱ কাম লাইব্ৰেৰীত আয়োজিত দিনজোৰা কাৰ্য্যসূচীৰ আদিতে ৰাতিপুৱা ৯-০০ বজাত পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰ পাতনি মেলে বিদায়ী সভাপতি খনীন্দ্ৰ নাথ দাসে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা স্মৃতি তৰ্পণ কাৰ্য্যসূচীত ৰাম ফল বিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক গিৰিশ চন্দ্ৰ ডেকাই মুখ্য তৰ্পক হিচাপে কাৰ্যসূচী সম্পন্ন কৰে। দিনৰ দহ বজাৰ পৰা অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত সৰ্বসন্মতি ক্ৰমে গোসাঁইগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী প্ৰদীপ দাসক সভাপতি আৰু গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিজ্ঞান শিক্ষক নুৰুল হ’কক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। বিষয় বাচনি সভাৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে সদ্যঘোষিত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, লিখক-সাহিত্যিক ডঃ দীনেশ দাসে। বিভিন্ন জাতি- জনগোষ্ঠীৰ সদস্য-সদস্যাৰ সমাহাৰত নৱগঠিত কাৰ্যনিৰ্বাহক সমিতি খনক তেওঁ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নতুন নেতৃত্বই শাখা সভাখনক ভাষা-সাহিত্য চৰ্চাৰ উত্তৰণৰ লগতে অন্যান্য দিশত আৰু অধিক গতিশীলতা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। মুকলি সভাত কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি নজমূল হ’ক, সম্পাদক শৰত ডেকা, প্ৰাক্তন সম্পাদক হিতেশ দেৱশৰ্মাৰ উপৰি পদ্মধৰ দাস, মাণিক ডেকা, ধৰণীধৰ পাঠক, শান্তিৰাম ৰায়, দিলীপ সাহা,ডঃ লাৱণ্য লহকৰ, মৃণালিনী ডেকা কলিতা, কবিতা চৌধুৰী, সৌদা বৰ্মন, অধ্যাপিকা ৰাখী সৰকাৰ, কোঁৱৰ মাৰ্দি, অজিৎ বৰ্মন, সুশীল বৰ্মন, চিন্ময় বল, দীপক বৈশ্য, বিজন কুমাৰ দে, শংকৰ দাস, ৰত্নেশ্বৰ দেৱনাথ, হাফিজুৰ ৰহমান, উৎপল দে, মিজানুৰ ৰহমানৰ লগতে ভালে সংখ্যক ব্যক্তি উপস্থিত থকা জনাকীৰ্ণ সভাখনৰ আদিতে উদ্দেশ্য ব্যাখ্যা আৰু অন্তত শলাগৰ শৰাই আগবঢ়ায় বিদায়ী সম্পাদক ডাঃ তৰণী কান্ত কলিতাই।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular