39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমমোৰাঝাৰৰ এটা জলসিঞ্চন নলাকলৈ প্ৰতিক্ৰিয়া , নিৰ্মাণৰ দাবী

মোৰাঝাৰৰ এটা জলসিঞ্চন নলাকলৈ প্ৰতিক্ৰিয়া , নিৰ্মাণৰ দাবী

মোৰাঝাৰৰ এটা জলসিঞ্চন নলাকলৈ প্ৰতিক্ৰিয়া , নিৰ্মাণৰ দাবী

দূৰ্নীতিৰ দৰ্পণ সেৱা ডবকা:২১ মে আৰিফ মজুমদাৰৰ ৰিপৰ্ট , হোজাইৰ নীলবাগান -দেৱস্থান হৈ যোৱা অসম মালা ৰাস্তাৰ সৈতে সংযোগ হোৱা এটা জলসিঞ্চন নলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াই দেখা দিছে৷ উল্লেখ্য যে অসম মালা ৰাস্তা নিৰ্মাণৰ নামত বহু পুৰণা সংযোগী ৰাস্তা, কালভাৰ্ট আৰু পদূলি ৰাস্তা কাটি পেলোৱা হৈছিল, কিন্তু কাম সম্পূৰ্ণ হোৱাৰ পিছতো চাবাজপুৰত এটি জলসিঞ্চন নলা ভংঙা অংশ পুনৰ মেৰামতি কৰা নহ’ল। ফলত গাঁওবাসী তথা কৃষক ৰাইজে কৃষি কাৰ্যত পানীৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ নতুনকৈ নিৰ্মিত ৰাস্তাসমূহত যথাযথ ড্ৰেইনেজ বা নলা ব্যৱস্থা নথকাৰ ফলত বৰষুণৰ পানী জমা হৈ পথঘাট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কৃষিভুমি আৰু বাসগৃহসমূহো কৃত্ৰিম বানে দেখা দিয়াৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে জলসিঞ্চন বিভাগ আৰু সংশ্লিষ্ট চক্ৰ বিষয়াসকল বাস্তৱ সমস্যাৰ প্ৰতি সম্পূৰ্ণ উদাসীন।
চাবাজপুৰ D1 জলসিঞ্চন নলাৰ বিষয়টোও অঞ্চলটোৰ কৃষক সমাজৰ বাবে এক গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। নতুন কালভাৰ্ট নিৰ্মাণৰ নামত কৃষিৰ মূল পানী যোগান ব্যৱস্থাক বিঘ্নিত কৰা হৈছে, কিন্তু দুবছৰ অতিক্ৰম কৰাৰ পিছতো সমস্যাৰ স্থায়ী সমাধান নহ’ল। অভিযোগ অনুসৰি, ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ গোপন মিতিৰালিৰ ফলত হাজাৰ হাজাৰ কৃষক আজিও পানীৰ অভাৱত কৃষিকাৰ্য ব্যাহত হৈ আছে। যি সময়ত চৰকাৰে কৃষককল্যাণ আৰু আত্মনিৰ্ভৰ অসমৰ কথা কয়, সেই সময়তে কৃষকসকলক এইদৰে অবহেলিত কৰি ৰখাটো গভীৰ চিন্তাৰ বিষয় হিচাপে বিবেচিত হৈছে চৰকাৰী বিষয়া আৰু দায়িত্বপ্ৰাপ্ত বিভাগসমূহে মোটা দৰমহা গ্ৰহণ কৰাৰ পিছতো নিজৰ কৰ্তব্যৰ প্ৰতি উদাসীন থাকে, তেন্তে ইয়াৰ ব্যৱস্থা লব কোনে? ৰাইজৰ সমস্যাসমূহ কাগজত সীমাবদ্ধ থাকিব নে বাস্তৱ ক্ষেত্ৰত সমাধানৰ ব্যৱস্থা গ্ৰহণ হ’ব?এয়া কোটি টকীয়া প্ৰশ্ন৷

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular