মৰিগাঁও জিলা সাহিত্য সভাৰ ৰাভাদিৱস উদ্ যাপন সমিতি গঠন , জাগী ভকতগাঁৱৰ জাগীত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৪ মে’:- মৰিগাঁও জিলা সাহিত্য সভাই কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসটি এইবেলি জাগী ভকতগাঁৱত উদ্ যাপন কৰিব। এই সন্দৰ্ভত বিশদ আলোচনা কৰাৰ উদ্দেশ্যে জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সভা এখন আজি অনুষ্ঠিত হয়। জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভাপতি মিনতি দেৱীয়ে সভাখনত সভাপতিত্ব কৰে। জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সম্পাদক হিমু বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতা আৰু সম্পাদক কুশল বৰাই জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস উদ্ যাপন সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰে। সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ সভাপতি ড° খগেন চন্দ্ৰ শৰ্মা, আহ্বায়ক তপন শৰাই, প্ৰকাশন সচিব নিকুঞ্জ মোহন শৰ্মা শাখাৰ প্ৰাক্তন সম্পাদক ৰাজীৱ চহৰীয়া আৰু জয়ন্ত সাগৰ শইকীয়াই ৰাভা দিৱস উদ্ যাপনৰ সন্দৰ্ভত বক্তব্য ৰাখে। উল্লেখযোগ্য যে সভাত নিকুঞ্জ মোহন শৰ্মাক সভাপতি, জয়ন্ত সাগৰ শইকীয়াক কাৰ্যকৰী সভাপতি, হিমু বৰাক সম্পাদক, জ্যোতিৰ্ময় গোস্বামী আৰু নিজৰা শইকীয়াক সহকাৰী সম্পাদক হিচাপে লৈ তিনিখন উপসমিতিৰে ৩১ জনীয়া বিষ্ণুৰাভা দিৱস উদ্ যাপন সমিতিখন গঠন কৰে। আনহাতে সভাত শাখা সভাৰ সহকাৰী সম্পাদকদ্বয় ক্ৰমে নিজৰা শইকীয়া আৰু জ্যেতিৰ্ময় গোস্বামী, কবি আবৃত্তিকাৰ নৱ কুমাৰ ডেকা, শিল্পী দিঠক কোঁৱৰ, কবি পিংকি শইকীয়া, মধু ডেকাসহ কেইবাগৰাকীও সাহিত্যসেৱী উপস্থিত থাকে।

