30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমঅখিল গগৈৰ মাতৃ তথা সংগ্ৰামী নাৰী প্ৰিয়দা গগৈ ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি:...

অখিল গগৈৰ মাতৃ তথা সংগ্ৰামী নাৰী প্ৰিয়দা গগৈ ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি: সংগ্ৰামী মাতৃ প্ৰিয়দা গগৈৰ বিয়োগ, শোকত ম্ৰিয়মান ৰাজ্যবাসী:

অখিল গগৈৰ মাতৃ তথা সংগ্ৰামী নাৰী প্ৰিয়দা গগৈ ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি: সংগ্ৰামী মাতৃ প্ৰিয়দা গগৈৰ বিয়োগ, শোকত ম্ৰিয়মান ৰাজ্যবাসী:

দুৰ্নীতিৰ দৰ্পণ, মৰিয়নি, ৩ জুন: জাতীয়তাবাদী সত্ত্বা, অসমৰ এটা চিনাকী সংগ্ৰামী সত্বা, সাহসী নাৰী ৰূপে পৰিচিত, শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আৰু নাই। দীৰ্ঘদিন বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ বুধবাৰে পুৱা ৬.২০ বজাত গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটে। স্বনামধন্য প্ৰিয়দা গগৈৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা এখন এম্বুলেন্স যোগে যোৰহাটৰ চেলেংহাটৰ লুখুৰাখন গাঁৱৰ নিজা বাসগৃহলৈ লৈ অনা হয়। বিয়লি প্ৰায় ৩.৩০ বজাত বাসগৃহৰ চোতালত প্ৰিয়দা গগৈৰ নশ্বৰ দেহ উপস্থিত হেৱাৰ পাছতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাছত সন্ধিয়ালৈ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। উল্লেখ্য যে, ১৯৩২ চনত টীয়কৰ বামুণপুখুৰী গোঁহাই গাঁওত জন্মগ্ৰহণ কৰা প্ৰিয়দা গগৈ লুখুৰাখন গাঁওৰ প্ৰয়াত বলোৰাম গগৈ সৈতে বিবাহ পাশত আবদ্ধ হয়।প্ৰিয়দা গগৈয়ে স্কুলীয়া অৱস্থাতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংস্পৰ্শ লাভ কৰিছিল আৰু গাভৰু কালতেই কৃষক আন্দোলন, নাট্য আন্দোলনত নামি পৰিছিল। পৰবৰ্তী সময়ত পুত্ৰ অখিল গগৈৰ নেতৃত্বত ভূমিস্থ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম হোতা হৈ পৰিছিল সাহসী প্ৰিয়দা গগৈ। লুখুৰাখনস্থিত প্ৰিয়দা গগৈৰ ঘৰখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰকাৰী নিৰ্যাতিত সংগ্ৰামী সেনাৰ আশ্ৰয়স্থলী আৰু আলোচনাথলী আছিল। কৃষক মুক্তিৰ সংগ্ৰামী নেতা সকলৰ সাহস আৰু অনুপ্ৰেৰণা আছিল প্ৰিয়দা গগৈ। দেশ,জাতিক ভালপোৱা নাৰী হিচাপে পৰিচিত প্ৰিয়দা গগৈয়ে বহুসময়ত অসমীয়া জাতিৰ সন্মুখত সাহসী সংগ্ৰামী নাৰী হিচাপে পৰিচয় দাঙি ধৰি আহিছে। জাতিৰ বাবে মাত মাতি কাৰাবাস খাটিবলগীয়া হোৱা পুত্ৰ অখিল গগৈৰ মুক্তিৰ দাবীত ৰে’ল আলিত বুকু পাতি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰিয়দা গগৈয়ে।কেৱল সিমানেই নহয় অখিল গগৈৰ সংগ্ৰামী যাত্ৰাৰ অন্যতম আঁৰৰ শক্তি প্ৰিয়দা গগৈয়ে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ কাৰাবন্দী হৈ থকা অৱস্থাত পুত্ৰৰ মুক্তিৰ দাবীত অনশন ধৰ্মঘট কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদন্দিতা কৰাৰ সময়ত বৃদ্ধাৱস্থাৰেই প্ৰিয়দা গগৈয়ে ভোটাৰৰ ঘৰে ঘৰে গৈ পুত্ৰৰ হৈ প্ৰচাৰ চলাই ৰাইজৰ সমৰ্থন বিচাৰিছিল। যাৰ বাবে হয়তো পুত্ৰ অখিল গগৈয়ে আবেগভৰা মন্তব্যত কৈ পেলাইছিল – ” মোৰ জীৱনটো যদি কোনোবাই গঢ়িছিল,সেয়া মা”। এনে এগৰাকী সমাজৰ গুৰি ধৰোতাৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগেই অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগনন গুণমুগ্ধই ভিৰ কৰে লুখুৰাখনস্থিত বাসগৃহত। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়- “প্ৰিয়দা গগৈ মোৰ মাতৃৰ দৰেই। তেওঁৰ আৰ্শীবাদ লৈ মই আগবাঢ়ি গৈছিলোঁ। অখিল গগৈ কটনত পঢ়ি থাকোঁতে মোৰ মাতৃ আছিল স্থানীয় অভিভাৱক।আজি অখিল গগৈৰ মাতৃক হেৰুৱাই মই মৰ্মাহত”। একেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, জাতীয় যুৱ বাহিনী, জাতীয় নাৰী বাহিনী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, যোৰহাট জিলা কংগ্ৰেছ,ব্লক কংগ্ৰেছ, মৰিয়নি প্ৰেছ ক্লাব,মৰিয়নি ই মিডিয়া, চেলেংহাট প্ৰেছ ক্লাব, বিষ্ণু জ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী, লুখুৰাখন জেউতি শিল্পী সমাজ, জাগৃত নাৰী সমাজ, যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ, গ্ৰাম্য স্বাস্থ্য সুৰক্ষা সংস্থা, চাহ জন জাতি ছাত্ৰ সন্থা, পুৰ্বাঞ্চল টাই সাহিত্য সভা, শিৱসাগৰ সাংবাদিক সন্থা, বীৰ লাচিত সেনা, কাজিৰঙা জাতীয় অৰ্কিড উদ্যান, উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ সামাজিক সাংস্কৃতিক সমাজ, চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়কে মুখ্য কৰি বহু দল সংগঠন অনুষ্ঠান, ব্যক্তি বিশেষে শেষ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে পুত্ৰ অখিলে লুখুৰাখন গাঁওত থকা মাতৃৰ পুৰনি গৃহটো ৰং তেল সানি সাজু কৰি মাতৃক ঘৰখনলৈ অনাৰ যোজা কৰিছিল।জীৱনৰ শেষৰ দিনকেইটা নিজৰ আপোন ঘৰখনত এৰাতি কটোৱাৰ সপোনটো সপোন হৈয়ে থাকিল মাতৃ প্ৰিয়দা গগৈৰ। পুত্ৰ অখিল গগৈয়ে উঁৱলি যোৱাৰ উপক্ৰম ঘটা পুৰণি পঁজাটি ন-কৈ সজাইছিল একমাত্ৰ মাতৃৰ সপোন পুৰণ কৰিবলৈকে। কিন্তু সেই আশা আধৰুৱা হৈ থাকিল যদিও শেষ ঠিকনা হ’লগৈ সংগ্ৰামী নাৰী প্ৰিয়দা গগৈৰ আপোন লুখুৰাখন গাঁওৰ ঘৰখন। সন্ধিয়াৰ ভাগত লুখুৰাখনত শেষকৃত্য সম্পন্ন হয় প্ৰিয়দা গগৈৰ। মৃত্যুৰ সময়ত তেওঁৰ বিধায়ক পুত্ৰ অখিল গগৈ, কন্যা, বোৱাৰী, নাতি, ভতিজাসহ আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ যায়।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular