34 C
New Delhi
Thursday, August 20, 2026
spot_img
Homeঅসমটেঙাখাতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

টেঙাখাতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

টেঙাখাতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ, টেঙাখাত: ২০ জুন: অসমীয়া সংস্কৃতিৰ সাধক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ সোঁৱৰণত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি টেঙাখাততো টেঙাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে ‘ৰাভা দিৱস’ উদযাপন কৰে। টেঙাখাতৰ সৰু অভয়াপুৰীয়াস্থিত ৰত্নধ্বজ পাল ৰঙ্গমঞ্চত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ মাজত কলাগুৰুৰ আদৰ্শ প্ৰসাৰৰ প্ৰয়াস কৰে। দিনযোৰা কাৰ্যসূচীৰ অংশ হিচাপে পুৱাৰ ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ লগতে ৰাভা সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰে। প্ৰতিযোগিতাৰ অন্তত এখনি প্ৰদীপ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে বিশিষ্ট অতিথি অতিথি , টেঙাখাত প্ৰেছ ক্লাৱৰ সভাপতি দীপক গগৈ, সম্পাদক জয়ন্ত শইকীয়া, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৱ কুমাৰ গগৈ, সাংবাদিক মনজিত বড়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থপ্ৰতিম কোঁৱৰ, টেঙাখাত আঞ্চলিক সমিতিৰ সভাপতি গৌতম বৰুৱা আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত অতিথি সকলে নতুন প্ৰজন্মক ৰাভাৰ সৃষ্টিৰাজী আৰু সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ হৈ সমাজ নিৰ্মাণত ব্ৰতী হ’বলৈ আহ্বান জনায়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ৩৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু জ্ঞানৰ প্ৰতীক হিচাপে চুতীয়া বুৰঞ্জী বিষয়ক এখনি গ্ৰন্থ প্ৰদান কৰি উৎসাহিত কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ এই সাফল্যই সমগ্ৰ টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে মন্তব্য কৰে। ইফালে টেঙাখাতৰ বিভিন্ন ঠাইতো আজি বিস্তৃত কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰে।

RELATED ARTICLES
Lucknow
few clouds
30 ° C
30 °
29.4 °
89 %
2.1kmh
23 %
Thu
32 °
Fri
35 °
Sat
34 °
Sun
30 °
Mon
33 °

Most Popular