অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি : শিলচৰত প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান
আহমেদ হুছেইন লস্কৰ, হাইলাকান্দি :: পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি বন্ধ কৰাৰ তীব্ৰ দাবী জনাই শেহতীয়াকৈ SUCI (C) দলৰ কাছাৰ জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। কাছাৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা হয় স্মাৰক পত্ৰ। স্মাৰক পত্ৰখন দাখিল কৰাৰ পূৰ্বে আজি শিলচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মী আৰু সমৰ্থকসকলে একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাম্প্ৰতিক সময়ত সাধাৰণ ৰাইজৰ দুৰ্বিষহ জীৱন-যাপনৰ অৱস্থাৰ ওপৰত আলোকপাত কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদী কাৰ্যসূচীত শ্যামদেও কুৰ্মী, সুব্ৰত চন্দ্ৰ নাথ আৰু এছ ইউ চি আই (চি) দলৰ কাছাৰ জিলা সমিতিৰ অন্যতম সদস্য অজয় ৰায়ে ভাষণ দিয়ে। বক্তাসকলে ভাষণত কয়, “আজি পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ দাম সাধাৰণ মানুহৰ হাতৰ মুঠিৰ বাহিৰলৈ গৈছে। ফলস্বৰূপে সমগ্ৰ বজাৰতে দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। মধ্যবিত্ত আৰু নিম্নবৰ্গৰ পৰিয়ালে নিজৰ পৰিয়াল চলোৱাটো অসম্ভৱ হৈ পৰিছে। নেতাসকলে ততাতৈয়াকৈ চৰকাৰক নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ ল’বলৈ দাবী জনায়।” বজাৰত আৰু সকীয়াই দিয়ে যে যদিহে সাধাৰণ মানুহৰ স্বাৰ্থত এই মূল্যবৃদ্ধি বন্ধ নহয় তেন্তে অনাগত দিনত বৃহত্তৰ আন্দোলনৰ আয়োজন কৰা হ’ব।’ প্ৰতিবাদৰ অন্তত দলটোৰ এটা প্ৰতিনিধি দলে জিলা উপায়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিনিধি দলটোত শ্যামদেও কুৰ্মি, সুব্ৰত চন্দ্ৰ নাথ, অঞ্জন কুমাৰ চন্দ, হিলোল ভট্টাচাৰ্য, বিজিত কুমাৰ সিনহাকে ধৰি বিভিন্ন দল-সংগঠনে উপস্থিত থাকে।

