অসম মালা আচনিৰ৩.০ৰ অধীনত কুলহাটী বংশৰ পথৰ শিলান্যাস স্থাপন
ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো, ১৪ মাৰ্চ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি কালি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ফ্ৰেগশ্বিপ পৰিকাঠামো উন্নয়ন প্ৰকল্প অসম চৰকাৰৰ অধীনত অসম চৰকাৰৰ অসম মালা ৩.০ জৰিয়তে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ লগতে হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত কুলহাটী-বংশৰ পথৰ উন্নয়ন আৰু উন্নীতকৰণৰ ভাৰ্চুৱেল ভূমি পূজন কৰে৷ কুলহাটী-বংশৰ পথৰ ভাৰ্চুৱেলী ভূমি পূজন কৰা অনুষ্ঠানৰ সম্প্ৰচাৰস্থিত কুলহাটী চ’কত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ উপস্থিতিত এখন উদ্বোধনী সভাও অনুষ্ঠিত হয়৷ শুৱালকুছি পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হ’বলগীয়া কুলহাটী-বংশৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি বিধায়িকা সুমন হৰিপ্ৰিয়াই উন্নয়নক শক্তিশালী কৰিবলৈ অসম মালাৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰচেষ্টাই যাতায়তৰ ক্ষেত্ৰত সুচল কৰি তুলিব বুলি উল্লেখ কৰে৷ এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাস, মৃদুল মালাকাৰকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে৷

