40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমহাউলীত মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ

হাউলীত মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ

হাউলীত মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ
দুৰ্নীতিৰ দৰ্পণ, কংকণ তালুকদাৰ, হাউলী ১৫ মাৰ্চ: ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ হাউলী ৰাস মন্দিৰ প্ৰাংগনত গৰাকী মহিলাক মুখ্যমন্ত্ৰীআচৰ মহিলা উদ্যমিতা আচঁনিৰ‌ স্বীকৃতি পত্ৰ আৰু চেক বিতৰণ কৰা হয়৷ আজি দিনৰ ১১ বজাত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত চেক বিতৰণী সভাত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমণি পেগুয়ে মহিলাসকল স্বাৱলম্বী হৈ আগুৱাই যোৱাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচঁনিয়ে সহায়ক হ’ব বুলি জনায়৷ অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত এই অভিলাষী আঁচনিত অতিৰিক্তভাবে ১৮৩০ গৰাকীক মহিলাই চেক লাভ কৰে৷ সভাত উপস্থিত থাকে হাউলী পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰী, বিজেপি নেত্ৰী নিপামণি কলিতা, ভৱানীপুৰ আঞ্চলিকৰ সভানেত্ৰী দিপাঞ্জলী দাস৷ সভাখনৰ আঁত ধৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পক কুমাৰ নাথে৷ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতক বিশ্বগুৰু কৰাৰ সপোনক বাস্তবায়িত কৰিবলৈ হ’লে মহিলাসকল সমানে আগবাঢ়ি যাব লাগিব বুলি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular