31.9 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমআমগুৰিত সদৌ অসম মহিলা সমিতিৰ শাখা গঠন

আমগুৰিত সদৌ অসম মহিলা সমিতিৰ শাখা গঠন

আমগুৰিত সদৌ অসম মহিলা সমিতিৰ শাখা গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা আমগুৰি পৰা বুলবুল আলী,১৭ মে’ ॥ আমগুৰিৰ একাংশ যুৱকৰ উশৃংখলতা, সামাজিক পৰিবেশ কলুষিত কৰি প্ৰদূষিত কৰি আহিছে । বিশেষকৈ মাৰাত্মক ড্ৰাগছৰ দৰে বৰ্ধিত সামাজিক মহামাৰীয়ে আমগুৰি, হালোৱাটিং ছানি ধৰিছে । কিছুদিনৰ আগতে আমগুৰি নগৰৰ ৬ নং ৱাৰ্ডৰ অভয়পুৰীয়া গাঁৱত এটা ড্ৰাগছ বেপাৰীৰ কবলত পৰি এজন কলেজীয়া যুৱকৰ মৃত্যু হয় । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি অভয়পুৰীয়া গাঁৱৰ নামঘৰ প্ৰাঙ্গনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । শিক্ষয়িত্ৰী নলিনী দূৱৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা আজিৰ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় উদ্যমী মহিলা ব্যৱসায়ী তথা আহ্বায়িকা মণিকা গগৈয়ে । সভাৰ আৰম্ভণিতে অতিথি সকলক আদৰণি জনায় উদ্যমী মহিলা , আহ্বায়ক লেখনী বৰুৱাই। সভাত সদৌ অসম মহিলা সমিতিৰ আইন উপদেষ্টা কুন্তলা হাজৰিকাই অপৰাধ, উশৃংখলতাৰ সন্দৰ্ভত আইনী দিশবোৰ ফঁহিয়াই দিয়ে । সদৌ অসম মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰীয়ে মহিলা সকলৰ এই পদক্ষেপক আদৰণি জনায় আৰু মহিলা, শিশু সুৰক্ষাৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় আৰু প্ৰশাসন তথা আৰক্ষীৰ গুৰুত্বহীন মানিসকতাৰ বিষয়ে উল্লেখকৰে ।অধিবক্তা ৰুণু বৰগোহাঁই উপস্থিত থকা সভাত জিলা মহিলা সমিতিৰ সভাপতি ৰেখা নেওগ, উপ-সভানেত্ৰী আচিমা বেগম , হালোৱাটিঙ শাখাৰ সম্পাদিকা ৰাজশ্ৰী শইকীয়া উপস্থিত থকা সভাত সভাৰ বিশেষ উদ্যোক্তা তথা আমগুৰি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জ্যোতিপ্ৰসাদ গগৈ আৰু লেখিকা জুৰি শইকীয়াই ড্ৰাগছ জাতীয় নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে মহিলা সকলক সজাগ হৈ প্ৰশাসনৰ সহযোগত এইবোৰৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিবলৈ আহ্বান জনায় । লেখনী বৰুৱাক সভাপতি , মণিকা গগৈক সম্পাদিকা, আইনী উপদেষ্টা ৰুমী বৰগোহাঁই, উপদেষ্টা জ্যোতি গগৈক লৈ এখন শক্তিশালী সমিতি গঠন কৰে ।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular