39.6 C
New Delhi
Saturday, June 13, 2026
spot_img
Homeঅসমহাজোৰ ভিন্ন প্ৰান্তত নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক বিপুল সম্বৰ্ধনা: গৃহ গাঁও...

হাজোৰ ভিন্ন প্ৰান্তত নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক বিপুল সম্বৰ্ধনা: গৃহ গাঁও দিহিনাত এক আৱেগিক পৰিৱেশ

হাজোৰ ভিন্ন প্ৰান্তত নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক বিপুল সম্বৰ্ধনা: গৃহ গাঁও দিহিনাত এক আৱেগিক পৰিৱেশ

দুৰ্নীতিৰ দৰ্পণ হাজো,১৭মে’: হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক সমষ্টিটোৰ ভিন্ন স্থানত স্থানীয় ৰাইজে বিপুল আদৰণি আৰু উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজ জন্ম গাওঁত বিপুল আদৰণি হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক। নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পিছত বিধায়কগৰাকীয়ে বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। সমষ্টিটোৰ হৈনাদী আৰু মাছুৱাতোলা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত নৱনিৰ্বাচিত বিধায়কগৰাকীক এক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। বিধায়ক গৰাকীৰ জন্ম গাওঁ দিহিনাৰ মাছুৱাটোলাত বৰঢোল বাদন,বিহুনাচেৰে প্ৰায় তিনি শতাধিক মহিলাই ফুল ছটিয়াই আদৰি আনে নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক।ইয়াৰ পিছতে তেওঁ ঐতিহাসিক দিহিনা শ্ৰী শ্ৰী দামোদৰ দেৱ সত্ৰত উপস্থিত হৈ ভগৱানৰ চৰণত সেৱা লয় আৰু আশীৰ্বাদ গ্ৰহণ কৰে। সত্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজে তেওঁক ধৰ্মীয় পৰম্পৰাৰে আদৰণি জনায়। আটাইতকৈ আকৰ্ষণীয় আৰু মনোমোহা দৃশ্য দেখিবলৈ পোৱা গ’ল বিধায়কগৰাকীৰ নিজৰ গাঁও দিহিনাত। দীৰ্ঘদিনৰ মূৰত নিজ গৃহ গাঁৱত প্ৰকাশ চন্দ্ৰ দাস উপস্থিত হোৱাৰ লগে লগে এক উৎসৱমুখৰ তথা আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। পদূলি মুখে মুখে ৰৈ থকা গাঁৱৰ আবাল-বৃদ্ধ-বনিতাই ফুলাম গামোচা আৰু ফুলৰ মালাৰে তেওঁক আদৰি লয়। নিজৰ গাঁৱৰ সন্তানক বিধায়ক হিচাপে পাই গাঁওবাসী আনন্দত আত্মহাৰা হৈ পৰে।
ৰাইজৰ এই অভূতপূৰ্ব মৰম আৰু সঁহাৰিৰ বাবে নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।নিজৰ আপোন গাওঁখনৰ এনে অভূতপূৰ্ব মৰম আদৰ দেখি আবেগিক হৈ পৰে বিধায়ক প্ৰকাশ চন্দ্ৰ দাস।কিয়নো ছাত্র সন্থাৰ মজিয়াৰ পৰাই নিজৰ গাঁৱৰ উন্নয়নৰ হকে চিন্তা কৰা প্ৰকাশ চন্দ্ৰ দাসে বিধায়ক হোৱাটো এক সপোনৰ ছৱি বুলিও অভিহিত কৰে।তেওঁ ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ জড়িয়তে বৰ্তমান ৰঙিয়া সমষ্টিৰ অন্তৰ্ভুক্ত দিহিনা হৈনাদী গাঁৱৰ উন্নয়নৰ কাম কৰিব বুলিও উল্লেখ কৰে। ইয়াৰ লগতে তেওঁ হাজো সমষ্টিৰ সৰ্বাংগীণ উন্নয়ন আৰু ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে অহৰহ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। সকলোৰে সুখ দুখৰ সমভাগী হৈ উন্নয়নৰ হকে কাম কৰি যাবই লাগিব বুলিও ৰাইজক সদৰী কৰে ।নিজৰ জন্ম গাৱৰ আপোন মানুহৰ মাজত উপস্থিত হোৱাৰ পিছত বিধায়ক গৰাকী নষ্টালজিক হৈ পৰে।চিনাকি গাঁৱৰ লৰাই আজি অসমৰ বিধানসভাৰ মজিয়ালৈ ধাৱমান হোৱাত গাওঁবাসী আনন্দত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।আনহাতে নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ভোমাৰবড়ী ৰাইজৰ সহযোগত আজি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ফুলাম গামোচা, চেলেং চাদৰ,জাপি,পিতলৰ শৰাইৰে অঞ্চলটোৰ বিভিন্ন আত্নসহায়ক গোটৰ লগতে অনুষ্ঠান সমুহে বিপুল ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

RELATED ARTICLES
Lucknow
few clouds
41.6 ° C
41.6 °
41.6 °
20 %
2.6kmh
18 %
Sat
41 °
Sun
43 °
Mon
44 °
Tue
45 °
Wed
44 °

Most Popular