41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমবৰক্ষেত্ৰীৰ বামুণবড়িত দিগন্ত বৰ্মনৰ সমৰ্থনত বিৰোধী ঐক্যৰ বিশাল জনসভাত গৌৰৱ, লুৰিণ, বিজেপিক...

বৰক্ষেত্ৰীৰ বামুণবড়িত দিগন্ত বৰ্মনৰ সমৰ্থনত বিৰোধী ঐক্যৰ বিশাল জনসভাত গৌৰৱ, লুৰিণ, বিজেপিক উৎখাত কৰাৰ বাবে অসমৰ ৰাইজ ওলাই আহিছে – লুৰিণজ্যোতি, কংগ্ৰেছ চৰকাৰ আহিলে বাক্ স্বাধীনতা ঘূৰি আহিব- গৌৰৱ গগৈ

বৰক্ষেত্ৰীৰ বামুণবড়িত দিগন্ত বৰ্মনৰ সমৰ্থনত বিৰোধী ঐক্যৰ বিশাল জনসভাত গৌৰৱ, লুৰিণ, বিজেপিক উৎখাত কৰাৰ বাবে অসমৰ ৰাইজ ওলাই আহিছে – লুৰিণজ্যোতি, কংগ্ৰেছ চৰকাৰ আহিলে বাক্ স্বাধীনতা ঘূৰি আহিব- গৌৰৱ গগৈ

মুকালমুৱাৰ পৰা সুৰজিত পাঠক- ৩ এপ্ৰিল- ২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ সমৰ্থিত তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত বৰ্মনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা এখন বামুণবড়ী খেলপথাৰত অনুষ্ঠিত হয়৷ বিয়লিৰ ভাগত অনুষ্ঠিত জনসভাত দিগন্ত বৰ্মনৰ হকে প্ৰচাৰ চলাবলৈ আহে লোকসভাৰ বিৰোধী উপ সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ৷ আনহাতে বিৰোধী ঐক্যৰ অন্যতম সহযোগী চিপিআই (এম) দলৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰেও বিশাল নিৰ্বাচনী সভাখনত উপস্থিত থাকে৷ পঞ্চাছ হাজাৰ সমৰ্থকৰে পূৰিপূৰ্ণ জনসভাত গৌৰৱ গগৈ, লুৰিণ জ্যোতি গগৈ, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইন আৰু সুপ্ৰকাশ তালুকদাৰে নিজৰ নিজৰ ভাষণত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে জনসভালৈ হেলিকপ্তাৰৰে আহি দিগন্ত বৰ্মনৰ হকে প্ৰচাৰ চলায়৷ গৌৰৱ গগৈয়ে ভাষণত প্ৰসংগত জনসভাৰ ছবিয়ে দিগন্ত বৰ্মনক বিপুল ভোটত জয়লাভ কৰাব বুলি কয়৷ গৌৰৱ গগৈয়ে ভাষণত অসমত কংগ্ৰেছ চৰকাৰ অহাটো নিশ্চত বুলি দাবী কৰি দিগন্ত বৰ্মনো বৰক্ষেত্ৰীৰ পৰা বিধায়ক হৈ চৰকাৰৰ এগৰাকী শক্তিশালী মন্ত্ৰী হ’ব বুলিও মন্তব্য কৰে৷ গৌৰৱ গগৈয়ে ভাষণত নতুন বৰ অসমৰ প্ৰসংগ উত্থাপন কৰি কয় যে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে অনাগত দিনত বাক্ স্বাধীনতা থকা এখন নতুন চৰকাৰ লাভ কৰিব জনতাই৷ নতুন বৰ অসমত ৰাইজে মুখ্যমন্ত্ৰীক ভয় কৰিব নালাগে৷ নতুন বৰ অসমৰ মুখ্যমন্ত্ৰীৰ ১২ হাজাৰ বিঘা মাটি নাথাকিব৷ আদানী, আম্বাণীৰ পৰিবৰ্তে দুখীয়া ভূমিহীন পৰিয়ালক ভূমি পট্টা দিব নতুন বৰ অসমে৷ মহিলা সৱলীকৰণৰ উদ্যেশ্যৰে মহিলাসকলক ব্যৱসায়ৰে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে ৫০ হাজাৰ টকাকৈ দিব বুলিও কয় গৌৰৱ গগৈয়ে৷ এই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু বিশ্বাসঘাটকতাৰ ৰাজনীতি শেষ কৰিম৷ হিমন্ত বিশ্বই বিশ্বাঘাটকতা কৰে৷ অগপৰ প্ৰফুল্ল মহন্ত, বিজেপিৰ সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাটকতা কৰিলে৷ নতুন বৰ অসমৰ জৰিয়তে চিণ্ডিকেট আৰু গুণ্ডাগিৰিৰ বিপৰীতে মূল্যবোধৰ ৰাজনীতি কৰিব, য’ত জনতাৰ বাক্ স্বাধীনতা ঘূৰি আহিব বুলিয় কয় গৌৰৱ গগৈয়ে৷ হিমন্ত বিশ্ব শৰ্মাৰ জয় সহজ কৰিবলৈ আছাউদ্দিন ওৱেচিক অসমলৈ অনা হৈছে বুলিও কয় গৌৰৱ গগৈয়ে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত কয়- “আগন্তুক দিনত অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক শক্তিক বিদায় দিবলৈ, জুবিন গাৰ্গক ন্যায় দিবলৈ আমি ৰাইজৰ আশিস বিচাৰিছোঁ৷ আজিৰ সভাই প্ৰমাণ কৰিছে যে যোৱাবাৰতকৈ এইবাৰ দিগন্ত বৰ্মনে বেছি ভোটত জয়লাভ কৰিব৷ বিভিন্ন প্ৰলোভন, ভয়-ভাবুকিক কেৰেপ নকৰি দিগন্ত বৰ্মনৰ সমৰ্থনত এনেদৰে ৰাইজ ওলাই আহি পৰিবৰ্তন বিচাৰিছে৷ আমি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী দলে এইবাৰ চৰকাৰ বিচাৰিছোঁ৷ আমি ৰাইজৰ মাজত আশা দেখিছোঁ বুলিও কয় লুৰিণজ্যোতি গগৈয়ে৷ জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত পুনৰ কয় যে — সাম্প্ৰদায়িক শক্তি উৎখাতৰ বাবে আমি ঐক্যবধ্য হ’ব লাগিব৷ শেহতীয়াভাৱে সমগ্ৰ অসমত বিজেপিক ওফৰোৱা পৰ্ব আৰম্ভ হৈছে৷ ৯ এপ্ৰিলত অসমত চুনামীৰ সৃষ্টি হ’ব৷ ইতিমধ্যেই বিজেপিক উৎখাত কৰাৰ বাবে অসমৰ ৰাইজ ওলাই আহিছে৷ বিজেপিয়ে ৰাইজক আঁচনিৰে ভয় ভাবুকি দেখুৱাব পাৰিব কিন্তু অসমৰ মানুহৰ ন্যায় যাত্ৰা স্তব্দ কৰিব নেৱাৰিব৷ অন্যায়, অবিচাৰ আৰু সম্প্ৰতিৰ বৰ ভেটিত বিভেদ আনিব বিচৰা বিজেপিক উৎখাত কৰিব লাগিব বুলি কয় লুৰিণজ্যোতি গগৈয়ে৷ এই চৰকাৰ জনতাৰ টেঁটু চেপা চৰকাৰ বুলি কৈ লুৰিণজ্যোতিয়ে পুনৰ কয় যে বিজেপিয়ে অসম চুক্তিৰ ৬নং দফাক নস্যাৎ কৰি ৫০ হাজাৰ বিঘা মাটি আদানি আম্বানিক গতাই দিলে৷ ভাতৃত্ববোধৰে জীয়াই থাকিবলৈ হ’লে বিৰোধী ঐক্যক ভোট দিব লাগিব বুলিও কয় জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ আনহাতে চিপিআই (এম)ৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে ভাষণ প্ৰদান কৰি কয় যে- “বৰ্তমানৰ চৰকাৰখন সাধাৰণ হিন্দু মানুহৰ চৰকাৰ নহয়, কেইগৰাকীমান মন্ত্ৰীৰ চৰকাৰ৷ বিজেপি চৰকাৰ ধনী মানুহৰ চৰকাৰ৷ সাধাৰণ হিন্দু মানুহেও এইবাৰ চৰকাৰ পৰিবৰ্তন হোৱাটো বিচাৰিছে৷ বৰক্ষেত্ৰীৰ আজি সমাবেশে তাকেই প্ৰমাণ কৰিছে বুলিও কয়৷ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি নেতা ৰাছেল হুছেইনে ভাষণ প্ৰদান কৰি কয়- বিগত পাঁচ বছৰে হিমন্ত বিশ্ব শৰ্মাই সম্পদ আহৰণত লাগি থাকিল৷ বিজেপি দলটোক এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব৷ দিগন্ত বৰ্মনে কমেও ৩০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও ৰাছেল হুছেইনে৷ সভাখনত সুৰকাৰ-সংগীতকাৰ তথা কংগ্ৰেছ নেতা অজয় ফুকনে জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত “নাহৰ“কে ধৰি কেইবাটাও গীত পৰিবেশন কৰে৷ অজয় ফুকনে ভাষণত দিগন্ত বৰ্মনক ৫০ হাজাৰতকৈ অধিক ভোটত জয়যুক্ত কৰাবলৈ ৰাইজলৈ আহ্বান জনায়৷ আজিৰ এই বিশাল নিৰ্বাচনী সভাখনত ত্ৰিছ সহস্ৰাধিক বিৰোধী ঐক্যমঞ্চৰ কৰ্মী-সমৰ্থকক উপস্থিত থাকে৷ সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে ভাষণ প্ৰদান কৰি ৰাইজৰ স্বতঃস্ফুত সঁহাৰিয়ে পুনৰ এবাৰ দিশপুৰলৈ যোৱা বাট মুকলি কৰি দিছে বুলি মন্তব্য কৰে৷

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular