ইচাবিল চাহ বাগিচাৰ মালিকক চণ্ডিপুৰ চাহ বাগিচাৰ দায়িত্ব নেদিবলৈ দাবী জনাই জিলা আয়ুক্তৰ ওচৰত শ্রমিকসকলৰ প্ৰতিবাদী আবেদন
প্ৰীতম দাস হাইলাকান্দি ৭ মাৰ্চ: চণ্ডিপুৰ চাহ বাগিচাৰ মালিকানা ইচাবিল চাহ বাগিচাৰ মালিকৰ হাতত দিয়াৰ সম্ভাৱনাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই শ্রমিক মহলত তীব্ৰ অসন্তোষ দেখা গৈছে। এই বিষয়ত চণ্ডিপুৰ চাহ বাগিচাৰ শ্রমিক আৰু বাগিচা পঞ্চায়েতৰ ফালৰ পৰা হাইলাকান্দিৰ জিলা আয়ুক্তৰ ওচৰত এখন লিখিত প্ৰতিবাদী আবেদন দাখিল কৰা হৈছে।
আবেদনখনত শ্রমিকসকলে উল্লেখ কৰে যে যোৱা ৬ মাৰ্চ তাৰিখে বিশেষ সূত্ৰে তেওঁলোকে জানিবলৈ পায় যে চণ্ডিপুৰ চাহ বাগিচাৰ মালিকানা ইচাবিল চাহ বাগিচাৰ মালিকৰ হাতত দিয়াৰ প্ৰক্ৰিয়া চলি আছে। এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে চণ্ডিপুৰ চাহ বাগিচাৰ শ্রমিকসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।শ্রমিকসকলৰ দাবী অনুসাৰে, ইয়াৰ আগতে ৪ মাৰ্চ তাৰিখেও জিলা আয়ুক্তৰ ওচৰত এখন লিখিত অভিযোগ দাখিল কৰা হৈছিল। সেই অভিযোগত তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছিল যে শ্রমিকসকলৰ জীৱন-জীৱিকাৰ ক্ষতি সাধন কৰা বুলি অভিযুক্ত ৰাহুল তুষনিয়ালৰ ঘনিষ্ঠ ব্যক্তি বুলি পৰিচিত স্বৰূপ দাস আৰু ইচাবিল চাহ বাগিচাৰ মালিক মিঃ ৰণক আগৰৱালক কোনো পৰিস্থিতিতেই চণ্ডিপুৰ চাহ বাগিচাৰ মালিকানা বা দায়িত্ব নিদিয়া হওক।
আবেদনখনত আৰু কোৱা হৈছে যে শ্রমিকসকলৰ সম্পূৰ্ণ ইচ্ছাৰ বিপৰীতে ইচাবিল চাহ বাগিচাৰ মালিকে চণ্ডিপুৰ চাহ বাগিচাৰ মালিকানা লাভ কৰিবলৈ নানা ধৰণে চেষ্টা চলাই আছে। শ্রমিকসকলৰ অভিযোগ অনুসাৰে, যোৱা এটা বছৰত ইচাবিল চাহ বাগিচাত বহু নিৰীহ শ্রমিকক বেআইনিভাৱে কামৰ পৰা বহিষ্কাৰ কৰা হৈছে। এই সন্দৰ্ভত প্ৰমাণ কৰিমগঞ্জ লেবাৰ অফিচ আৰু সহকাৰী শ্রম আয়ুক্তৰ কাৰ্যালয়তো নথিভুক্ত আছে বুলি তেওঁলোকে দাবী কৰে।শ্রমিকসকলৰ আশংকা যে যদি ইচাবিল চাহ বাগিচাৰ মালিকক চণ্ডিপুৰ চাহ বাগিচাৰ দায়িত্ব দিয়া হয়, তেন্তে শ্রমিকসকলৰ মাজত তীব্ৰ অসন্তোষ আৰু উত্তেজনাৰ সৃষ্টি হ’ব পাৰে আৰু আইন-শৃংখলাৰ অৱনতি ঘটাৰ সম্ভাৱনাও আছে।সেয়েহে শ্রমিকসকলৰ ফালৰ পৰা জিলা আয়ুক্তৰ ওচৰত জোৰালোভাবে আবেদন জনোৱা হৈছে যাতে ইচাবিল চাহ বাগিচাৰ মালিকক চণ্ডিপুৰ চাহ বাগিচাৰ মালিকানা বা দায়িত্ব নিদিয়া হয় আৰু শ্রমিকসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।
ইচাবিল চাহ বাগিচাৰ মালিকক চণ্ডিপুৰ চাহ বাগিচাৰ দায়িত্ব নেদিবলৈ দাবী জনাই জিলা আয়ুক্তৰ ওচৰত শ্রমিকসকলৰ প্ৰতিবাদী আবেদন
Lucknow
haze
35
°
C
35
°
35
°
20 %
3.1kmh
20 %
Mon
35
°
Tue
43
°
Wed
44
°
Thu
44
°
Fri
45
°

