41.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeসম্পাদকীয়বানান সচেতনা -ড০ নঞ্জু দত্ত।

বানান সচেতনা -ড০ নঞ্জু দত্ত।

বানান সচেতনা –
ড০ নঞ্জু দত্ত।
ভাষা হৈছে জাতিৰ আত্মা আৰু সাহিত্য সেই আত্মাৰ প্ৰকাশ। শব্দ হৈছে সাহিত্যৰ মূল উপাদান, বানান হৈছে সেই শব্দৰ সুনিৰ্দিষ্ট ৰূপ। ৰূপ বিকৃত হ’লে ভাৱৰ সৌষ্ঠৱো বিকৃত হয়। সেয়েহে বানানৰ শুদ্ধতা সাহিত্যৰ গতি, গাম্ভীৰ্য আৰু নান্দনিকতাৰ সৈতে গভীৰভাৱে জড়িত।
অসমীয়া ভাষাৰ মহান সংস্কাৰক হেমচন্দ্ৰ বৰুৱাই অভিধান প্ৰণয়নৰ জৰিয়তে ভাষাৰ শুদ্ধ ৰূপ স্থিৰ কৰাৰ প্ৰচেষ্টা চলাইছিল। তেওঁৰ কৰ্মই প্ৰমাণ কৰে -ভাষাৰ শৃংখলা অবিহনে সাহিত্যৰ সুসংহত বিকাশ সম্ভৱ নহয়। অভিধান কেৱল শব্দৰ তালিকা নহয় ; ই ভাষাৰ নৈতিক সংহিতা।
সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাই ভাষাৰ সৌন্দৰ্য্য আৰু শুদ্ধতাৰ সমানে গুৰুত্ব দিছিল। তেওঁৰ ৰচনাৰ শব্দ নিৰ্বাচনত যি সতৰ্কতা দেখা যায় সেয়া সাহিত্যৰ শৈল্পিক শৃংখলাৰ এক উৎকৃষ্ট দৃষ্টান্ত।
সাহিত্যৰ নিৰ্মল গতিত বানান ভুলে বহু ধৰণে বাধা দিয়ে।
শব্দ বা বানান ভুলৰ বাবে ভাৱৰ স্বচ্ছতা বিনাশ হয়। শব্দৰ সঠিক ৰূপ নাথাকিলে পাঠকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। সাহিত্যৰ গম্ভীৰতা ভংগ হয়। পাঠকে বিষয়বস্তুৰ গভীৰতালৈ সোমাব নোৱাৰি ত্ৰুটিতেই আৱদ্ধ হৈ পৰে।
সাহিত্যৰ সৌন্দৰ্য্য কেৱল ভাবত নহয় ৰূপতো নিহিত। বানানৰ অসাৱধানতাই ৰচনাৰ শিল্প মান হ্ৰাস কৰাৰ লগতে ইয়াৰ নান্দনিককতাও হ্ৰাস কৰে।
আজিকালি দেখা যায় গণসংযোগৰ মাধ্যম তথা পাঠকৰ আশাৰ ভঁৰাল দৈনিক বাতৰি কাকতসমূহ আৰু উচ্চ স্তৰৰ আলোচনী বা গ্ৰন্থতো বানানৰ অমনোযোগিতা । ক’ৰবাত যেন দক্ষ আৰ্হি চাওঁতাৰ অভাৱ ঘটিছে। কিছু লেখকে নিজৰ অধ্যয়নশীলতাৰ অভাৱত বানান ভুলকৈ দেখে আৰু বাতৰি কাকতত প্ৰকাশ কৰোঁতে পুনৰীক্ষণ নকৰে। এইটো আমাৰ মতে এক অপৰাধ কাৰণ সাহিত্যৰ গতিত এয়া মহা যতি। নৱপ্ৰজন্মৰ কাৰণে এয়া হৈ আছে বৃহৎ ক্ষতি।
লেখকৰ নৈতিক দায়িত্ববোধ থকাটো উচিত। লেখক কেৱল সৃষ্টি কৰ্তা নহয় তেওঁলোক ভাষাৰ অতন্দ্ৰ প্ৰহৰী।

RELATED ARTICLES
Lucknow
clear sky
40.6 ° C
40.6 °
40.6 °
16 %
5.8kmh
1 %
Mon
40 °
Tue
42 °
Wed
44 °
Thu
45 °
Fri
46 °

Most Popular