34.1 C
New Delhi
Monday, April 20, 2026
spot_img
Homeঅসমহাজোত অগপ দলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

হাজোত অগপ দলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

হাজোত অগপ দলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ,হাজো, ৮ মাৰ্চ,সমাগত ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে সকলো ৰাজনৈতিক দল সমূহে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বলিছে নিৰ্বাচনী গৰম বতাহ। ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ নিজাববীয়াকৈ প্ৰস্তুত কৰিছে ৰাজনৈতিক ৰণ কৌশল। ব্যতিক্ৰম নহয় মিত্ৰজোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদ। এনে সময়তে আজি অসম গণ পৰিষদ হাজো শুৱালকুছি বিধান সভা সমষ্টিৰ হাজোস্থিত দলৰ মূখ্য কাৰ্যালয় পঞ্চতীৰ্থ ভৱনত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈ যায়। হাজো বিধান সভা সমষ্টিৰ সমষ্টি সমিতিৰ সভাপতি বলী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত হাজো-শুৱালকুছি বিধান সভা সমষ্টিত এন ডি এ,ৰ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক আচিক চৌধুৰী, প্ৰদীপ চন্দ্ৰ দাস, আতাউৰ ৰহমানৰ লগতে অগপ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য অৰূপজ্যোতি কলিতা,ৰাতুল ভৰালী, লিটুল দাসকে, ধৰি প্ৰায় শতাধিক দলীয় বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
12 %
4.1kmh
20 %
Mon
42 °
Tue
43 °
Wed
44 °
Thu
44 °
Fri
45 °

Most Popular