30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমএংলাৰ বজাৰ অঞ্চলত কলবাইছাখী ঘূৰ্ণীবতাহ আৰু বজ্ৰপাতৰ ফলত ব্যাপক ক্ষতি! প্ৰশাসনৰ আগতীয়া...

এংলাৰ বজাৰ অঞ্চলত কলবাইছাখী ঘূৰ্ণীবতাহ আৰু বজ্ৰপাতৰ ফলত ব্যাপক ক্ষতি! প্ৰশাসনৰ আগতীয়া হস্তক্ষেপ বিচৰা

এংলাৰ বজাৰ অঞ্চলত কলবাইছাখী ঘূৰ্ণীবতাহ আৰু বজ্ৰপাতৰ ফলত ব্যাপক ক্ষতি! প্ৰশাসনৰ আগতীয়া হস্তক্ষেপ বিচৰা

বদৰুল হক আলিম উদ্দিন, শ্ৰীভূমি, দুৰ্নীতিৰ দৰ্পন, ২৭ এপ্ৰিল : শ্ৰীভূমি জিলাৰ বদৰপুৰ চৈতন্য নগৰ উন্নয়ন ব্লকৰ অন্তৰ্গত উমৰপুৰ জিপিৰ এংলাৰ বজাৰ অঞ্চলত দেওবাৰে নিশা কলবাইছাখী ঘূৰ্ণীবতাহ আৰু বজ্ৰপাতৰ ফলত বৃহৎ ক্ষতিসাধন হয়। হৰিনাদিক গাঁওকে ধৰি বিভিন্ন অঞ্চলত ধুমুহাত বহু ডাঙৰ ডাঙৰ গছ উভালি পেলোৱাৰ ফলত ঘৰ-দুৱাৰ, শস্য, বিদ্যুৎ পৰিবাহী তাঁৰ বিস্তৰ ক্ষতিসাধন হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰবল ধুমুহাৰ বলত বহু গছ মাটিত পৰি কিছু ঘৰ ধ্বংস হোৱাৰ বিপৰীতে বহু সুতৰ বাগিচাৰ ব্যাপক ক্ষতিসাধন হয়। বিশেষকৈ হাৰিনাদিক গাঁৱৰ বাসিন্দা আব্দুছ চালামৰ কেইবাখনো সুতা গছ বজ্ৰপাতৰ ফলত নষ্ট হয়। ধুমুহাৰ সময়ত বিদ্যুতৰ খুঁটা আৰু তাঁৰ উভালি পেলোৱাৰ ফলত সমগ্ৰ অঞ্চলটোৰ বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ চৰম দুখ-কষ্টৰ সন্মুখীন হৈছে। গোটেই নিশা ধুমুহা আৰু বজ্ৰপাতৰ ফলত অঞ্চলটোৰ পুৰুষ-মহিলা আৰু শিশুসকল আতংকিত হৈ পৰে। বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে চৰম অনিশ্চয়তাৰ মাজত কটাবলগীয়া হৈছে। স্থানীয় ৰাইজে জিলা উপায়ুক্তক জৰুৰীভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি চৰকাৰী আৰ্থিক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তীব্ৰ দাবী জনাইছে। ইফালে প্ৰাকৃতিক দুৰ্যোগৰ এনে পৰিস্থিতিত প্ৰশাসনৰ শীঘ্ৰে হস্তক্ষেপ বিচাৰিছে এংলাৰ বজাৰবাসীয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
29.5 ° C
29.5 °
29.5 °
68 %
5.9kmh
100 %
Fri
33 °
Sat
36 °
Sun
35 °
Mon
30 °
Tue
33 °

Most Popular