30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবদৰপুৰৰ বিনামূলীয়া চকু শিবিৰত ১৫৪ জন ৰোগীৰ পৰীক্ষা, ২৩ জনৰ চকুৰ ছানি...

বদৰপুৰৰ বিনামূলীয়া চকু শিবিৰত ১৫৪ জন ৰোগীৰ পৰীক্ষা, ২৩ জনৰ চকুৰ ছানি পৰা ৰোগ ধৰা পৰে

বদৰপুৰৰ বিনামূলীয়া চকু শিবিৰত ১৫৪ জন ৰোগীৰ পৰীক্ষা, ২৩ জনৰ চকুৰ ছানি পৰা ৰোগ ধৰা পৰে

বদৰুল হক আলিম উদ্দিন, শ্রীভুমি, দুৰ্ণীতিৰ দৰ্পণ: ২৭ এপ্ৰিলঃ বদৰপুৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ত বৰাক ভেলী চিমেণ্ট লিমিটেডৰ জনপ্ৰিয় ব্ৰেণ্ড ভেলী ষ্ট্ৰং চিমেণ্ট আৰু বদৰপুৰ নবীন চন্দ্ৰ কলেজৰ প্ৰাক্তন ছাত্ৰৰ সহযোগত যৌথ উদ্যোগত বিনামূলীয়াকৈ চকুৰ ছানি পৰা (Intraocular Lens) ধৰা পেলোৱা আৰু মাইক্ৰ’চাৰ্জাৰী আই অ’ এল শিবিৰ অনুষ্ঠিত কৰা হয় সংস্থা। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ চলি থকা এই শিবিৰত মুঠ ১৫৪ জন ৰোগীক পৰীক্ষা কৰা হৈছিল। ইয়াৰে ২৩ জন ৰোগীৰ চকুত কেটাৰেক্ট ধৰা পৰাত তেওঁলোকক বিনামূলীয়াকৈ আই অ’ এল (ইণ্ট্ৰাঅকুলাৰ লেন্স) অস্ত্ৰোপচাৰৰ বাবে ছিলচাৰ লায়ন্স চকু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তদুপৰি ২৫ জন ৰোগীক বিনামূলীয়া চশমা প্ৰদান কৰা হয়। লায়ন্স ক্লাব অৱ বদৰপুৰ গ্ৰেটাৰৰ সভাপতি তথা বিভিচিএলৰ চিইঅ’ লায়ন মুকেশ আগৰৱালাই কয় যে ২০২৫-২৬ লায়নষ্টিক বৰ্ষত ক্লাবৰ এয়া ১১ সংখ্যক চকুৰ শিবিৰ। তেওঁ কয় যে ভৱিষ্যতেও এই মানৱীয় কাৰ্যকলাপ অব্যাহত থাকিব।
শিবিৰত নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সমন্বয়ক জয়নাল আবেদিন তাপাদৰ, উপাধ্যক্ষ দেৱজ্যোতি দাস গুপ্তা, সভাপতি ড° মৰ্তুজা হুছেইনকে ধৰি অন্যান্য সদস্যসকল উপস্থিত থাকে। শিলচৰ লায়ন্স চকু চিকিৎসালয়ৰ হৈ বিশিষ্ট চকু চিকিৎসক ডাঃ সত্যশ্ৰী দেৱ ৰায়ে ৰোগীসকলক পৰীক্ষা কৰে। তেওঁক সহায় কৰিছিল নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে।
লগতে বদৰপুৰ গ্ৰেটাৰৰ লায়ন্স ক্লাবৰ হৈ উপস্থিত থাকে প্ৰদীপ্ত দে, সুজিত কাৰ, আশীষ তুষনিয়াল, গুৰু নন্দন ঘোষ, লুতফুৰ ৰহমান, ধীৰাজ দফটাৰী, এনাম উদ্দিন, অনুপম ঘোষ, শমিন্দ্ৰ পাল আৰু সমৰজিৎ চক্ৰৱৰ্তী।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular