33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবালিপৰাৰ ছাত্ৰী শিৱানী দাসৰ উজ্জ্বল সাফল্য

বালিপৰাৰ ছাত্ৰী শিৱানী দাসৰ উজ্জ্বল সাফল্য

বালিপৰাৰ ছাত্ৰী শিৱানী দাসৰ উজ্জ্বল সাফল্য
বালিপৰা এৰাগাঁৱৰ ছাত্ৰী শিৱানী দাসে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯১.০৪ শতাংশ নম্বৰ লাভ কৰি নিজৰ অঞ্চলটোৰ ভিতৰতে সৰ্বাধিক নম্বৰৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যই অঞ্চলটোৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃক বিশেষভাৱে গৌৰৱান্বিত কৰিছে। শিৱানী দাস বালিপৰা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আৰু এৰাগাঁৱৰ পিয়ুজ দাস আৰু ৰিংকু দাসৰ কন্যা। শিৱানীৰ এই সফলতাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষীসকলে তেওঁৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জনায় আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। লগতে তেওঁ এগৰাকী সু-নাগৰিক হিচাপে সমাজৰ হকে কাম কৰিব বুলি আশাবাদ ব্যক্ত কৰে। উল্লেখযোগ্য যে শিৱানীয়ে নিয়মীয়াকৈ কঠোৰ পৰিশ্ৰম কৰি পঢ়াশুনাত মনোনিৱেশ কৰিছিল। পৰিয়ালৰ লোকসকলে জনোৱা অনুসৰি, তেওঁ বহুদিনে ৰাতি ১ বজালৈকে অধ্যয়নত ব্যস্ত থাকি নিজৰ এই সফলতা অৰ্জন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular